নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাতে দক্ষিণৰ পহৰা চকীত উত্তৰ কোৰিয়াৰ গুলীচালনা

নিয়মীয়া বাৰ্তা ৪ মেঃউত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনে ২০ দিনৰ পাছত হঠাতে এক সাৰ কাৰখানা মুকলিৰ সময়ত ৰাজহুৱাভাৱে আত্মপ্রকাশ কৰাৰ এদিন পাছতে দক্ষিণ কোৰিয়াৰ সীমান্তৰ পহৰা চকীত দেশখনৰ সেনাই গুলীচালনাৰ ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে আশংকাৰ৷ উত্তৰ কোৰিয়াই আজি পুৱাৰ ভাগতে এলানি গুলীচালনা কৰা বুলি দক্ষিণ কোৰিয়াৰ যুটীয়া সামৰিক মুৰব্বীয়ে এক বিবৃতিত সদৰী কৰাৰ উপৰি উত্তৰৰ বিৰুদ্ধে দক্ষিণৰ সেনায়ো গুলীৰে প্রত্যুত্তৰ দিয়ে বুলি সংবাদ মাধ্যমক জনায়৷ জন্মলগ্ণৰে পৰা উত্তৰ কোৰিয়াৰ দক্ষিণৰ সৈতে আছে বৈৰিতা৷ আনকি দুয়োখন দেশৰ যুদ্ধত কেইবা নিযুতো লোকে প্রাণ হেৰুৱাইছে৷ গতিকে উত্তৰ কোৰিয়াৰ শেহতীয়া উদ্ধত আচৰণে পুনৰ ৰক্তক্ষয়ী যুদ্ধৰ সূচনা কৰিব পাৰে বুলি আশংকা কৰিছে নিৰাপত্তা বিশেষজ্ঞসকলে৷ স্মর্তব্য যে ৫০ৰ দশকৰ কোৰিয়া যুদ্ধৰ অৱসান ঘটিছিল এক যুদ্ধবিৰতিৰ জৰিয়তে৷ দুয়োখন বৈৰী ৰাষ্ট্রৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হোৱা নাছিল৷ দুয়োখন দেশৰ ১৫৫ মাইলজোৰা সীমান্তত প্রতিমুহূর্ততে চলি আহিছে যুদ্ধৰ আশংকা৷ শেহতীয়াকৈ কিম জং–উনৰ ২০ দিনীয়া বিৰতিৰ পাছৰ আত্মপ্রকাশৰ লগে লগে উত্তৰৰ সেনাই দক্ষিণৰ পহৰা চকীত আক্রমণ কৰা ঘটনাই কঢ়িয়াইছে বিশেষ তাৎপর্য৷

You might also like