নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীপটি তাৰকাৰাজ্যৰ বাহিৰত আৱিষ্কাৰ গ্রহ

পৃথিৱীৰ পৰা ২৮ নিযুত আলোকবর্ষ নিলগৰ মেছিয়াৰ–৫১ত নাছাৰ অনুসন্ধান

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্রথমবাৰৰ বাবে হাতীপটি তাৰকা ৰাজ্যৰ বাহিৰত প্রথমটো গ্রহৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে এয়া গ্রহ বুলি গৰিষ্ঠসংখ্যক জ্যোতির্বিজ্ঞানীয়ে ধাৰণা কৰিছে যদিও একাংশই এতিয়াও তাক মানি ল’ব পৰা নাই৷ নাছাৰ চন্দ্রা এক্স–ৰে’ অবজাৰভেটৰীৰ তৰফৰ পৰা এই গ্রহটোৰ সন্ধান কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷ মেছিয়াৰ–৫১ নামৰ এক সর্পিল তাৰকাৰাজ্যত সন্ধান পোৱা গৈছে গ্রহটোৰ৷ গৱেষকসকলে ধাৰণা কৰা অনুসৰি সৌৰজগতৰ বাহিৰত আৱিষ্কাৰ হোৱা এই গ্রহটো শনিগ্রহ সদৃশ৷ স্মর্তব্য যে পূর্বে সৌৰজগতৰ বাহিৰত বহু গ্রহ জ্যোতির্বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু হাতীপটি তাৰকা ৰাজ্যৰ বাহিৰত এয়া প্রথমটো গ্রহৰ আৱিষ্কাৰ৷

হার্ভার্ডৰ জ্যোতির্পদার্থ বিজ্ঞান কেন্দ্রৰ বিজ্ঞানী ৰোছান ডি ষ্টেফানোৱে সদৰী কৰা অনুসৰি পূর্বে এক্স’প্লেনেট বা সৌৰজগতৰ বাহিৰৰ বহু গ্রহ আৱিষ্কাৰ কৰিছে৷ কিন্তু সৌৰজগতৰ ইমান দূৰত প্রথমটো গ্রহৰ সন্ধান পোৱা গৈছে৷ লক্ষণীয়ভাৱে এই গ্রহৰ সন্ধান পোৱাৰ ফলত অন্য তাৰকাৰাজ্য সমূহৰ বিভিন্ন বৈশিষ্ট্য জ্যোতির্বিজ্ঞানীসকলে লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ স্মর্তব্য যে এম ৫১–ইউ এল এছ–১ পদ্ধতিৰে এই গ্রহটোৰ অৱস্থান নিশ্চিত কৰা হৈছে৷ এই পদ্ধতি অনুসৰি সূর্যৰ ২০ গুণ ভৰৰ এটা নক্ষত্র বা কৃষ্ণ গহ্বৰত এই গ্রহটোৱে প্রদক্ষিণ কৰা বুলি ধাৰণা কৰা হৈছে৷ শনিসদৃশ গ্রহটোৰ কৃষ্ণগহ্বৰ বা অন্য জ্যোতিষ্কক প্রদক্ষিণ কৰি থকা বিষয়টোক ধাৰণাহে কৰা হৈছে৷

লক্ষণীয়ভাৱে হাতীপটি তাৰকা ৰাজ্যত এতিয়ালৈকে যিমানবোৰ এক্স’প্লেনেট আৱিষ্কাৰ হৈছে সেইসমূহৰ দূৰত্ব পৃথিৱীৰ পৰা ৩০০০ আলোকবর্ষ বা তাতকৈ কম৷ কিন্তু মেছিয়াৰ–৫১ তাৰকাৰাজ্যত যিটো গ্রহৰ সন্ধান পোৱা গৈছে তাৰ দূৰত্ব পৃথিৱীৰ পৰা প্রায় ২৮ নিযুত আলোকবর্ষ৷ নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইয়াক লৈ অধিক গৱেষণাৰ প্রয়োজন আছে৷ হয়তো এই গ্রহৰ ওপৰত অধ্যয়ন চলালে মেছিয়াৰ তাৰকাৰাজ্যৰ বহু নক্ষত্র আৰু গ্রহৰ সন্ধান পোৱা যাব পাৰে৷ বিশ্বব্রহ্মাণ্ড বা এই মহাবিশ্বৰ পৰিধি যে অসীম তাক নাছাই পুনৰবাৰ সদৰী কৰিছে৷ ইতিমধ্যে এই সন্দর্ভত সবিশেষ তথ্য প্রকাশ পাইছে বিজ্ঞান জার্নাল ‘নেচাৰ এষ্ট্র’নমী’ত

You might also like