নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ ৪০০ ক্রয় কৰিলেও নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব ভাৰতে

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ ৰাছিয়াৰ পৰা এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ক্রয়ৰ ক্ষেত্রত ভাৰতে উদ্যোগ লোৱাৰ লগে লগে নতুন দিল্লী প্রশাসনৰ বিৰুদ্ধে পূর্বৰ আমেৰিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নিষেধাজ্ঞা আৰোপ কৰাৰ চিন্তা–চর্চা চলাইছিল৷ আনকি ট্রাম্প প্রশাসনে এইক্ষেত্রত ভাৰতৰ বিৰুদ্ধে নিষেধাজ্ঞা প্রয়োগ হ’ব বুলিও স্পষ্ট কৰি দিছিল৷ শেহতীয়াকৈ দেশখনৰ বর্তমানৰ ৰাষ্ট্রপতি জ’ বাইডেনক এই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনাইছে ছিনেটৰ জন কর্নানে৷ জনৰ উপৰি মার্ক ৱার্নাৰে ভাৰতৰ বিৰুদ্ধে ‘কাউণ্টাৰিং আমেৰিকাজ এডভাৰছাৰিজ থ্র’ ছেংছনছ এক্ট (কাটছা) আইন অনুসৰি নিষেধাজ্ঞা জাৰীৰ প্রক্রিয়া প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছে৷ এই বিষয়টো লৈ দুয়োগৰাকী ছিনেটৰে ৰাষ্ট্রপতি বাইডেনলৈ এক পত্রও লিখিছে৷ ১৯১৭ চনত প্রণয়ন কৰা কাটছা আইন অনুসৰি ৰাছিয়া, ইৰান আৰু উত্তৰ কোৰিয়াৰ পৰা অস্ত্র–শস্ত্র তথা প্রতিৰক্ষা সৰঞ্জাম ক্রয় কৰিলে যিকোনো দেশৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকাই৷ দুয়োগৰাকী ছিনেটৰৰ মতে বর্তমান ভাৰত–আমেৰিকাৰ গুৰুত্বপূর্ণ প্রতিযোগিতা সহযোগী৷ কিন্তু দীর্ঘদিন ধৰি ৰাছিয়াৰ পৰা অস্ত্র ক্রয় কৰিছে ভাৰতে৷ গতিকে বিষয়টোক গুৰুত্বসহকাৰে লোৱা উচিত ৱাশ্বিংটন প্রশাসনে৷

You might also like