নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদ অভিমুখী বিমানৰ মাজ আকাশতে ইঞ্জিন বিকল জৰুৰী অৱতৰণ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ হায়দৰাবাদ অভিমুখী ইণ্ডিগৰ এখন বিমান বৃহস্পতিবাৰে পুৱা ইঞ্জিনত বিজুতি ঘটাৰ বাবে মুম্বাইলৈ পুনৰ উভতি আহে। বিমান খনৰ এটা  নিউ ইঞ্জিন উৰণৰ সময়তেই বন্ধ হৈ যায়। যাৰ বাবে উৰণৰ ১ ঘণ্টাৰ ভিতৰতেই জৰুৰীকালীন অৱতৰণ কৰা হয়।
জানিব পৰা মতে হায়দৰাবাদ-মুম্বাই মাজত চলাচল কৰা ইণ্ডিগ বিমান 6e5384 বৃহস্পতিবাৰে মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। উৰণৰ ১ ঘণ্টাৰ পিছতেই বিমানখনৰ যান্ত্ৰিক বিজুতি ধৰা পৰে।

You might also like