নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৫ বছৰীয়া আইতাই ৭৪.৫% নম্বৰেৰে উত্তীৰ্ণ হ’ল চতুৰ্থ শ্ৰেণী

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ এগৰাকী ১০৫ বছৰীয়া আইতা । নাম ভাগীৰথী আম্মা । যোৱা নৱেম্বৰ মাহত কেৰালা স্বাক্ষৰতা অভিযান মিছনৰ অধীনত অনুষ্ঠিত হোৱা চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত সবাতোকৈ বয়োজ্যেষ্ঠ পৰীক্ষাৰ্থী ৰূপে অৱতীৰ্ণ হৈছিল এইগৰাকী আইতা ।

কেৰালাৰ কোল্লাম জিলাৰ পাৰাকুলামৰ এইগৰাকী আইতাই ৭৪.৫ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ হৈছে চতুৰ্থ শ্ৰেণীৰ এই পৰীক্ষাত । ৬ সন্তান আৰু ১৬ টা নাতি-নাতিনীৰ এইগৰাকী ভাগীৰথী আম্মা সন্দৰ্ভত ৰাজ্যিক স্বাক্ষৰতা অভিযান মিছনৰ জিলা সমন্বয়ক চিকে প্ৰদীপ কুমাৰেও প্ৰকাশ কৰিছে সন্তোষ । এইগৰাকী আইতাই ১০৫ বছৰ বয়সতো নিজৰ শিক্ষা অব্যাহত ৰখাটো সকলোৱে অনুসৰণ কৰি নিজৰ শিক্ষা অব্যাহত ৰাখিব লাগে বুলি উল্লেখ কৰে প্ৰদীপ কুমাৰে ।

৯ বছৰ বয়সত তৃতীয় শ্ৰেণীতে শিক্ষা সমাপ্ত এইগৰাকী ভাগীৰথী আম্মাই পুনৰ শিক্ষা জীৱন আৰম্ভ কৰি ২৭৫ নম্বৰৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হয় ২০৫ নম্বৰ ।

কেৰালা ৰাজ্যিক স্বাক্ষৰতা অভিযান হৈছে কেৰালাৰ শিক্ষাবিভাগৰ অধীনৰ এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানে আধাতে শিক্ষা সাং কৰা অথবা কোনো অসুবিধাৰ বাবে শিক্ষা লাভৰ পৰা বিৰত থকা লোকসকলক শিক্ষা প্ৰদান কৰি অব্যাহত ৰাখিছে স্বাক্ষৰতা অভিযান ।

You might also like