নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত নতুন দিল্লীৰ সীমান্তত চলি থকা কৃষকৰ আন্দোলনে ৭৮ দিন অতিক্রম কৰিলে৷ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন সংশোধনী প্রস্তাৱ নাকচ কৰি তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল কৃষক সংগঠনৰ মাজত মতভেদ আৰম্ভ হৈছে৷ ৰাজধানী দিল্লীৰ সীমান্তত আন্দোলন অব্যাহত ৰখা ভাৰতীয় কিষাণ ইউনিয়ৰ নেতা ৰাকেশ টিকেইতে যেতিয়ালৈকে চৰকাৰে আইন প্রত্যাহাৰৰ সিদ্ধান্তত উপনীত নহয়, তেতিয়ালৈকে ঘৰলৈ উভতি নাযায় বুলি দৃঢ়তাৰে প্রকাশ কৰিছে৷ আনপিনে আন এজন কৃষক নেতাই প্রকাশ কৰা মতে, চৰকাৰে প্রস্তাৱ লৈ আগবাঢ়ি আহিলে, তেওঁলোকে আলোচনাৰ বাবে সাজু হৈ আছে৷ কার্যতঃ কৃষক আন্দোলন দীঘলীয়া হৈ থকাৰ পৰিপ্রেক্ষিততেই প্রতিবাদী কৃষকৰ মাজত মতভেদ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, প্রতিবাদী কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই আজি সংবাদ মেলযোগে দিল্লী আৰক্ষীয়ে ১২২ প্রতিবাদী কৃষকক গ্রেপ্তাৰৰ অভিযোগ কৰিছে৷ ১৪খন এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ১২২জন কৃষকক গ্রেপ্তাৰ কৰা বুলি সংযুক্ত কিষাণ মর্চাই অভিযোগ কৰি গ্রেপ্তাৰ কৰা কৃষকক সংগঠনটোৱে আইনী আৰু বিত্তীয় সাহায্য প্রদান কৰিব বুলি ঘোষণা কৰিছে৷ তেনেদৰে যোৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্রেক্টৰ সমদলত অংশ লোৱা ১৬জন কৃষক এতিয়াও সন্ধানহীন হৈ আছে বুলি সংযুক্ত কিষাণ মর্চাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে ৰাজধানী চহৰত ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ উচ্চ পর্যায়ৰ দণ্ডাধীশ পর্যায়ৰ তদন্তৰ দাবীও জনায় সংযুক্ত কিষাণ মর্চাই৷ দিল্লী আৰক্ষী আয়ুক্ত এছ এন শ্রীবাস্তৱে আজি দিল্লী সীমান্তৰ প্রতিবাদস্থলীত আইন–শৃংখলাজনিত পৰিস্থিতিৰ বুজ লয়৷