নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ঘণ্টা নৌহওঁতেই পট পৰিৱৰ্তন মহাৰাষ্ট্ৰৰঃ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে দেৱেন্দ্ৰ ফাড়নাৱিছে

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে শনিবাৰে পুৱাই বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছে মুখ্যমন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰে । ইফালে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় এন চি পিৰ অজিত পাৱাৰে ।

উল্লেখ্য যে, শুকুৰবাৰে এন চিপি , শিৱসেনা আৰু কংগ্ৰেছৰ মাজত হোৱা বৈঠকৰ অন্তত শিৱসেনাৰ উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ বাবে চূড়ান্ত হৈছিল । তিনিওটা দলৰ পৰা জানিবলৈ দিয়া অনুসৰি এই সিদ্ধান্তত কাৰো দ্বিমত নাছিল । তথাপিও শনিবাৰে পুৱাই পট পৰিৱৰ্তনৰ এই ৰাজনীতিয়ে আচৰিত কৰিছে সকলোকে । তিনিওটা দলৰ মাজত হোৱা চূড়ান্ত সিদ্ধান্তৰ ১২ ঘণ্টা নৌহওঁতেই শনিবাৰে পুৱাই ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ওচৰত শপত বাক্য পাঠ কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছে ।

You might also like