নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ কোটি টকাৰ সাপৰ বিহসহ এজনক গ্রেপ্তাৰ জলপাইগুৰিত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বাংলাদেশৰ পৰা ভাৰত হৈ দীর্ঘদিন ধৰি চলি আছে সাপৰ বিহৰ এক বৃহৎ চোৰাং ব্যৱসায়৷ শেহতীয়াকৈ পশ্চিমবংগৰ জলপাইগুৰিত আখতাৰ মাণ্ডু নামৰ ৩২ বছৰীয়া লোক এজনৰ পৰা বন বিভাগে তিনিটাকৈ বিষাক্ত ফেঁটীসাপৰ বিহৰ জাৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷

জলপাইগুৰিৰ পৰা এই বৃহৎ পৰিমাণৰ সাপৰ বিহ চীনলৈ চালান কৰাৰ অপচেষ্টা চলাইছিল মাণ্ডুৱে৷ দক্ষিণ ডিনাজপুৰৰ হিলি সীমান্ত অঞ্চলৰ বাসিন্দা মাণ্ডুৰ হাতলৈ এই বৃহৎ পৰিমাণৰ সাপৰ বিহ বাংলাদেশৰ পৰা আহিছিল বুলি অনুমান কৰিছে গৰুমাৰা বন্যপ্রাণী বিভাগৰ বনকর্মীসকলে৷ জব্দ হোৱা এই সাপৰ বিহৰ আনুমানিক ১৩ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে বন বিষয়াই৷

ইতিমধ্যে জলপাইগুৰি আদালতে ধৃত মাণ্ডুক ৬ দিনৰ বাবে বন বিভাগৰ জিম্মাত দিছে৷ স্মর্তব্য যে ২০১৫ চনৰ পৰা বন বিভাগে বিভিন্ন সময়ত অভিযান চলাই প্রচুৰ পৰিমাণে সাপৰ বিহ জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই বিহৰ বজাৰৰ সৈতে এক বৃহৎ অপৰাধী চক্র জড়িত হৈ থকা বুলি সন্দেহ কৰা হৈছে৷

You might also like