নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ আতংকঃ মানচেষ্টাৰ টেষ্ট বাতিল; পৰৱর্তী সময়ত পুনৰ হ’ব মেচ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ মানচেষ্টাৰৰ ঐতিহ্যমণ্ডিত অ’ল্ড ট্রেফ’ডত শুকুৰবাৰৰে পৰা আৰম্ভ হ’বলগীয়া ভাৰত–ইংলেণ্ডৰ পঞ্চম তথা অন্তিম টেষ্ট মহামাৰী ক’ভিড–১৯ৰ আতংকৰ বাবে বাতিল হৈছে৷ বিচিচিআই আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে দীর্ঘসময় ধৰি চলোৱা আলোচনাৰ অন্তত সর্বসন্মতিক্রমে এই সিদ্ধান্ত গ্রহণ কৰা হয়৷

উল্লেখ্য যে মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীকে ধৰি ভাৰতৰ কেইবাগৰাকীও ছাপ’ৰ্ট ষ্টাফৰ সদস্য ক’ভিড–১৯ত আক্রান্ত হোৱাত মানচেষ্টাৰ টেষ্টক লৈ বৃহস্পতিবাৰৰ পৰা অনিশ্চয়তা বিৰাজ কৰিছিল৷ বিশেষকৈ দুদিন পূর্বে ফিজিঅ’ থেৰাপিষ্ট যোগেশ পাৰমাৰ ক’ভিডত আক্রান্ত হোৱাৰ পিছত খেলুৱৈসকল শংকিত হৈ পৰিছল আৰু ভাৰতীয় দলীয় মেনেজমেণ্টে খেলুৱৈৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ দলীয় অনুশীলন বাতিল কৰিছিল৷ নিশাৰ ভাগলৈ আটাইকেইগৰাকী খেলুৱৈ ক’ভিড নিগেটিভ হোৱাত অন্তিম টেষ্ট নির্ধাৰিত সময় অনুসৰি আৰম্ভ হ’ব বুলি প্রকাশ পাইছিল৷ কিন্তু ক’ভিডক লৈ ভাৰতীয় শিবিৰত সৃষ্টি হোৱা আতংকময় পৰিৱেশৰ মাজত টীম ইণ্ডিয়াৰ অধিকাংশ খেলুৱৈ খেলপথাৰত নামিবলৈ অসন্মত হোৱাত বি চি চি আয়ে বৃহস্পতিবাৰে নিশাই ই চি বিৰ সৈতে আলোচনা আৰম্ভ কৰে৷ অন্তিম টেষ্টক লৈ অনিশ্চয়তা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱা ইংলেণ্ড ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা এক বিবৃতি প্রকাশ কৰা হয় যে ভাৰতে মানচেষ্টাৰ টেষ্টত ১১গৰাকী খেলুৱৈ খেলপথাৰত নমাব নোৱাৰাত মেচখন ইংলেণ্ডক এৰি দিবলৈ বাধ্য হৈছে৷

এই বিবৃতি প্রকাশ হোৱাৰ পিছতে ভাৰতীয় শিবিৰত তীব্র হৈ–চৈ আৰম্ভ হয়৷ ভাৰতীয় শিবিৰৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ইংলেণ্ডক মেচ এৰি দিয়াৰ প্রশ্ণই উঠিব নোৱাৰে৷ ভাৰতৰ প্রতিবাদৰ পিছতে ই চি বিয়ে বিবৃতি সংশোধন কৰি কয় যে ক’ভিডৰ আতংকৰ বাবে মানচেষ্টাৰ টেষ্ট স্থগিত ৰখা হৈছে আৰু পৰৱর্তী সময়ত মেচখন পুনৰ খেলোৱা হ’ব৷ ইফালে বি চি চি আয়ে দুপৰীয়াৰ ভাগলৈ এক বিবৃতি প্রকাশ কৰি জানিবলৈ দিয়ে যে দুয়োখন দেশৰ ক্রিকেট ব’ডৰ সর্বসন্মতিক্রমে অন্তিম টেষ্ট বাতিল কৰা হৈছে৷ অনাগত দিনত সময়–সুবিধা মিলাই এই মেচখনৰ সূচী পুনৰ নির্ধাৰণ কৰা হ’ব৷ পাঁচখন মেচৰ শৃংখলাটোত ভাৰত এতিয়াও ২–১ৰ ব্যৱধানত আগবাঢ়ি থাকিব বুলিও বি চি চি আয়ে স্পষ্ট কৰিছে৷

You might also like