১৪০০ কিমি পথ স্কুটী চলাই পুত্ৰক উদ্ধাৰ কৰিলে মাতৃয়ে
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ লকডাউনত আবদ্ধ হৈ থকা নিজ পুত্ৰক উদ্ধাৰ কৰিবৰ কাৰণে মাতৃয়ে ১৪০০ কিঃমিঃ পথ স্কুটী চলাই পুত্ৰক লৈ মাত্ৰ তিনি দিনতে ঘৰত আহি উপস্থিত হয়। এই ঘটনাটো তেলেংগানাৰ নিজামাবাদৰ।
তেলেংগানাৰ নিজামাবাদ জিলাৰ বাসিন্দা ৫০ বছৰীয়া ৰজিয়া বেগমে সোমবাৰে স্থানীয় আৰক্ষীৰ অনুমতি লৈ অন্ধ্ৰপ্ৰদেশৰ নেল্লৌৰলৈ যায়।নেল্লৌৰ নিজামাবাদৰ
পৰা ৭০০ কিমি দূৰত অৱস্থিত। লকডাউনৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথটো সম্পূৰ্ণ ৰূপে খালী আছিল আৰু বেগমে স্কুটী চলাই নেল্লৌৰত উপস্থিত হৈ আৰু পুতেকক স্কুটিৰ পিছত বহুৱাই বুধবাৰে
সন্ধিয়া নিজামাবাদ জিলাত উপস্থিত হয়। এইদৰে মহিলাগৰাকীয়ে ১৪০০ কিমি পথ স্কুটি চলাই এক নজিৰ স্থাপন কৰে।
এই সম্পৰ্কে ৰজিয়া বেগমে কয় যে দুচকীয়া বাহন খন চলোৱা এক কঠিন যাত্ৰা আছিল, কিন্তু নিজ পুত্ৰক আনিবলৈ দৃঢ় বিশ্বাসৰ বাবে সকলো ভয়ক শেষ কৰি যাত্ৰা আৰম্ভ কৰিছিলো। ৰাতি অলপ ভয় লাগিছিল কাৰণ ৰাস্তাত কোনো মানুহ নাছিল আৰু লগতে কোনো ধৰণৰ যানবাহন নাছিল।
উল্লেখ্য যে ৰজিয়া বেগম নিজামাবাদ জিলাৰ এখন চৰকাৰী স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী।ৰজিয়াৰ স্বামীৰ ১৫ বছৰৰ পূৰ্বে মৃত্যু হৈছিল।