নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ এপ্ৰিললৈকে বন্ধ থাকিব দেশৰ ৰে’লসেৱা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মাৰ্চ পৰ্যন্ত দেশৰ দূৰণিবটীয়া ৰে’ল, এক্সপ্ৰেছ আৰু পেছেঞ্জাৰ ৰে’ল বাতিল কৰা হৈছিল যদিও বুধবাৰে ইয়াৰ সময়সীমা বৃদ্ধি কৰা হয় । উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই এক জাননীৰ জৰিয়তে আগন্তুক ১৪ এপ্ৰিললৈকে ৰেলসেৱা বন্ধ থকাৰ কথা ঘোষণা কৰে । এই সময়ছোৱাত কেৱল মালগাড়ীসমূহহে চলাচল কৰি থাকিব বুলিও বিবৃতিটোত উল্লেখ কৰে বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সন্ধ্যা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰাৰ পাচতেই বুধবাৰে ৰে’ল বিভাগে প্ৰেৰণ কৰে এই জাননী ।

You might also like