নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ এপ্ৰিলৰ পাছত দুসপ্তাহলৈ বৃদ্ধি হ’ব লকডাউন

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক পৰিস্থিতি সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিত মিলিত হয় । প্ৰায় চাৰি ঘণ্টাজোৰা এই আলোচনাত দেশৰ আগন্তুক কৰ্মসূচী সন্দৰ্ভত আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বিশেষকৈ লকডাউন সন্দৰ্ভত ইতিমধ্য ওড়িশা , পঞ্জাৱকে ধৰি বহুকেইখন ৰাজ্যই ত্ৰিশ এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰিছে যদিও আজি অনুষ্ঠিত বৈঠকত পুনৰ দেশজুৰি দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে বুলি এক বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ।

লকডাউন দুসপ্তাহৰ বাবে বৃদ্ধি হ’লেও কিছু কিছু ক্ষেত্ৰত অৱশ্যে শিথিলতা থাকিব বুলিও জানিব পৰা গৈছে । বিশেষকৈ আন্তঃজিলা বন্ধ থকাৰ লগে লগে মজলীয়া ভাৱে বেপাৰ-বাণিজ্য চলি থাকিব । লগতে পূৰ্বৰ দৰে মল, বিউটি পাৰ্লাৰ , শিক্ষানুষ্ঠান, ৰেষ্টুৰেণ্ট আদি অৱশ্যে বন্ধ থাকিব এই সময়ছোৱাত । সমান্তৰালভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি চাহ উদ্যোগৰ কাম-কাজ আৰম্ভ হ’ব বুলিও জানিব পৰা গৈছে ।

You might also like