নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ দিনৰ ন্যায়িক জিম্মালৈ জেএনইউৰ ছাত্র শ্বার্জিল ইমাম

জামিয়া হিংসাত উচতনিঃ অভিযোগনামাত নাম সন্নিৱিষ্ট

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ নতুন দিল্লীৰ জামিয়া নগৰত যোৱা ১৫ ডিচেম্বৰত সংঘটিত হিংসাত্মক কার্যত জড়িত থকাৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্র শ্বার্জিল ইমামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তেওঁক যোৱা সোমবাৰে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি এদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছিল ৷ মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল ৷ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীবিৰোধী আন্দোলনক হিংসাত্মক ৰূপ দিয়াত অৰিহণা যোগোৱাৰ বাবে দিল্লী আৰক্ষীয়ে শ্বার্জিল ইমামৰ নাম অভিযোগনামাত সন্নিৱিষ্ট কৰিছে ৷ যোৱা মাহত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰোধিতা কৰিবলৈ গৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি বিতর্কিত মন্তব্য আগবঢ়োৱাৰ বাবে জে এন ইউৰ ছাত্রগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু হৈছে ৷

You might also like