নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬২৮ পইণ্ট উন্নীত বিএছই ছেনছেক্স

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ যোৱা চাৰি দিন ধৰি চলা বিপর্যয়ৰ পিছত শুকুৰবাৰে ষ্টক মার্কেটত আশাৰ সঞ্চাৰ ঘটিছে ৷ বিশ্বজুৰি ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ ফলত বিনিয়োগকাৰীয়ে লাখ লাখ কোটি টকা হেৰুওৱাৰ পিছত শুকুৰবাৰে ছেনছেক্স ১৬২৮ পইণ্ট উন্নীত হয় ৷ আনহাতে নিফটিয়ে বজাৰ সামৰিলে ৮,৭৪৬ পইণ্টত৷ বিএছই ছেনছেক্স ৫.৭৫ শতাংশ বৃদ্ধি হৈ ২৯,৯১৬ পইণ্টত সামৰণি পৰে ৷ আনহাতে, এন এছ ইৰ বৃদ্ধিৰ পৰিমাণ আছিল ৫.৮৩ শতাংশ ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিশ্বৰ বাণিজ্য, পর্যটন, বিমান পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্রত অচলাৱস্থাৰ সৃষ্টি হৈছে আৰু যোৱা এমাহত ভাৰতীয় ষ্টক মার্কেটতো ইয়াৰ বিৰূপ প্রভাৱ পৰিছে আৰু বিনিয়োগকাৰীয়ে বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

You might also like