নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: কৃষকৰ সমস্যা সমাধানৰ দাবীৰে অহা ১৯ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত এক বিশাল ৰেলী অনুষ্ঠিত হ’ব৷ ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত আয়োজন কৰা এই ৰেলীত দেশৰ সকলো প্রান্তৰ, জিলাৰ কৃষক প্রতিনিধিয়ে অংশগ্রহণ কৰিব৷ এই কথা সদৰী কৰিছে ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাই৷ গুৱাহাটীত এখন সংবাদ মেলত তেওঁ কয় যে প্রতিবাদী কার্যসূচীত অসমৰ দুই শতাধিক কৃষকে ভাগ ল’ব৷ আনহাতে, তেওঁলোকৰ দাবীসমূহ সন্দর্ভত সদৰী কৰি তেওঁ কয়– ‘ভাৰতৰ স্বাধীনতাৰ ইমান বছৰ পাছতো কৃষকে নিজৰ প্রয়োজনীয় সামগ্রী নূ্যনতম খুচুৰা মূল্যত ক্রয় কৰিব লাগে৷ কিন্তু তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্রীৰ সময়ত নূ্যনতম সমর্থন মূল্যতহে বিক্রী কৰিব লাগে৷ আজি কৃষকে ন্যায় কেতিয়া লাভ কৰিব তাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে৷ সেয়েহে কৃষিজাত সামগ্রীৰ উৎপাদন খৰচতকৈ লাভজনক উচিত বিক্রী মূল্য কৃষকে পাব লাগে৷ কৃষিকার্যত ব্যৱহূত সামগ্রীৰ মূল্যবৃদ্ধি তুলনামূলকভাৱে কৃষক সন্মান নিধিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে৷ তদুপৰি কৃষিত ব্যৱহার্য সামগ্রীৰ জি এছ টি শীঘ্রে বাতিল কৰক৷ জি এম ফচলৰ অনুমতি সম্পূর্ণৰূপে বন্ধ কৰিব লাগে৷’
ইফালে, কৃষক সন্মান নিধি সময়পোযোগী পদক্ষেপ যদিও ইয়াৰ ধনৰাশি পর্যাপ্ত নহয় বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে ২০১৯ চনৰ পৰা প্রদান কৰা বছৰত ৬ হাজাৰ টকাৰ কৃষক সন্মান নিধি বর্তমান সময়ত কৃষকসকলৰ বাবে পর্যাপ্ত নহয়৷ কিয়নো বর্তমান কৃষকৰ কৃষিকার্যত ব্যৱহূত সামগ্রীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ সেয়েহে এই ৰাশিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে৷ চৰকাৰে কৃষকৰ হিতৰ কথা ভাবি সাৰৰ ক্ষেত্রত ৰেহাই মূল্যৰ ব্যৱস্থা কৰিছে৷ কিন্তু দুর্ভাগ্যজনকভাৱে এই ৰেহাই কৃষকৰ হিতৰ বিপৰীতে সাৰৰ কোম্পানীকহে অধিক লাভান্বিত কৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে অলপতে পৰিৱেশ মন্ত্রালয়ে জি এম সৰিয়হ খেতিৰ বাবে অনুমতি প্রদান কৰা প্রসংগত তেওঁ কয় যে স্বয়ং প্রধানমন্ত্রীয়ে প্রাকৃতিক খেতিৰ কথা কৈ আহিছে৷ জৈৱ বৈচিত্র্যৰ সংৰক্ষণৰ কথা কৈ আহিছে৷ তেনেস্থলত পৰিৱেশ মন্ত্রালয়ে বিপৰীত দিশত অৱস্থান কৰাটো কোনোপধ্যে গ্রহণযোগ্য হ’ব নোৱাৰে৷ এয়া নিন্দনীয়৷