নিউজ ডেস্ক,১৮ নৱেম্বৰঃ দেশত এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পাচতে এজন উপায়ুক্তৰ এক বিশেষ পদক্ষেপে দেশজুৰি সৃষ্টি কৰিছে আলোড়ণ ।

তেলেংগানা ৰাজ্যৰ মুলুগো জিলাৰ উপায়ুক্ত চি নাৰায়ণ ৰেড্ডীয়ে এইবাৰ প্লাষ্টিক নিৰ্মূলৰ বাবে হাতত লোৱা এই বিশেষ পদক্ষেপক লৈ এতিয়া সুখী মুলুগো জিলাৰ সকলো লোক । চলিত বৰ্ষৰ ১৬ অক্টোবৰৰ পৰা আইএএছ বিষয়াজনে আৰম্ভ কৰা এই অভিযানত কোনো লোকে এককালীন ব্যৱহাৰযোগ্য ১ কিলোগ্ৰাম প্লাষ্টিক প্ৰদান কৰিলে বিষয়াজনে প্লাষ্টিক দাতাৰ হাতত তুলি দিয়ে ১ কিলোগ্ৰাম চাউল ।

মুলুগো জিলাক প্লাষ্টিক মুক্ত কৰাৰ বাবে আৰম্ভ কৰা এই অভিযান ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত হ’ব লগা এক বিশেষ উৎসৱৰ পূৰ্বে সম্পূৰ্ণ কাৰ্যক্ষম কৰিব বুলিও উল্লেখ কৰে বিষয়াজনে । বৰ্তমানলৈকে ৪৪,৮৪৮ কিলোগ্ৰাম প্লাষ্টিক প্ৰদান কৰি প্ৰাপ্য চাউল আদায় কৰিছে জিলাখনৰ বহু সচেতন লোকে ।