২০০ চেনেল ১৩০ টকাতঃট্ৰাই
নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ এতিয়াৰে পৰা গ্রাহকে প্রসাৰ ভাৰতীৰ দ্বাৰা প্রচাৰিত বাধ্যতামূলক চেনেলৰ লগতে ২০০টা চেনেল লাভ কৰিব ১৩০ টকাত৷ টেলিকম ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়া (ট্রাই)য়ে আজি নিউ টেৰিফ অর্ডাৰ (এনটি’)ৰ সংশোধনী ঘটাই পূর্বৰ ১৩০ টকাত ১০০টা চেনেল লাভ কৰাৰ বিপৰীতে এতিয়াৰে পৰা গ্রাহকে একেই মূল্যত লাভ কৰিব ২০০টা চেনেল৷ ট্রাইৰ অধ্যক্ষ আৰ এছ শর্মাই গ্রাহকসকলক অধিক লাভান্বিত কৰাৰ লক্ষ্যৰে এই সংশোধন ঘটোৱা বুলি প্রকাশ কৰিছে৷ পূর্বতে চেনেলসমূহৰ প্রাইচ অৱ বাকেট ১৯ টকাৰ বিপৰীতে এতিয়াৰে পৰা ১২ টকা হ’ব৷ নিয়ম বহির্ভূতভাৱে একাংশ সম্প্রচাৰ কৰোঁতাই মাত্রাধিক মূল্য আদায় কৰি থকাৰ বিষয়টোত উদ্বিগ্ণতা প্রকাশ কৰি সম্প্রচাৰ কৰোঁতাৰ নিয়ম বহির্ভূত কার্যক আইনী প্রক্রিয়াৰে প্রতিৰোধ কৰাৰ পদক্ষেপ গ্রহণ কৰিব ট্রায়ে৷