নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ৰ নৱেম্বৰত মহাৰাষ্ট্রত ৩০০ জন খেতিয়কৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মহাৰাষ্ট্রত কৃষকৰ আত্মহত্যাৰ ঘটনা ক্রমাৎ বৃদ্ধি পাইছে ৷ ৰাজ্যখনৰ ৰাজহ বিভাগৰ তথ্য মতে, ২০১৯ চনৰ নৱেম্বৰত ৰাজ্যখনত ৩০০জন খেতিয়কে আত্মহত্যাৰ পথ বাছি লৈছে ৷ ইয়াৰে মাৰাঠৱাড়া অঞ্চলত বিশেষকৈ ৮খন জিলাত বিগত বর্ষৰ নৱেম্বৰত ১২০জন খেতিয়কে আত্মহত্যা কৰিছে ৷ পৰিসংখ্যা অনুসৰি, মাৰাঠৱাড়াত যোৱা নৱেম্বৰলৈকে ৮৩৫জন কৃষকে এনেদৰে প্রাণ হেৰুৱাইছে ৷ আবতৰীয়া বৰষুণৰ ফলত মহাৰাষ্ট্রত এইবাৰ বৃহৎ পৰিমাণৰ খাৰিফ শস্যৰ ক্ষতি হৈছে ৷ যাৰ বাবে এনেদৰে কৃষকৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ৷ ফলত এনে পৰিয়ালসমূহত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে আৰু পৰিয়ালৰ সদস্যসকলে এতিয়াও সহায়ৰ আশাত চৰকাৰৰ মুখলৈ বাট চাই আছে ৷

You might also like