নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ‘কা’ কোনো কাৰণতেই পশ্চিমবংগত বলৱতৰ অনুমতি নিদিয়ে বুলি ৰাজপথত প্রতিবাদ কৰা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এইবাৰ ‘কা’বিৰোধী প্রস্তাৱ আনিব বিধানসভাত ৷ ২৭ জানুৱাৰীত বিধানসভাৰ বিশেষ অধিৱেশনত মুখ্যমন্ত্রী বেনার্জীয়ে ‘কা’বিৰোধী প্রস্তাৱ আনিব বুলি কেন্দ্রীয় চৰকাৰক হুংকাৰ দিয়ে ৷ ইতিমধ্যে বাঁওপন্থীশাসিত কেৰালা আৰু কংগ্রেছশাসিত পঞ্জাবে বিধানসভাত ‘কা’বিৰোধী প্রস্তাৱ গৃহীত কৰাৰ পিছত তৃতীয়খন ৰাজ্য হিচাপে পশ্চিমবংগয়ো ‘কা’বিৰোধী প্রস্তাৱ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে ৷
তথ্য মতে ২৭ জানুৱাৰীৰ বিয়লি প্রায় ২ বজাত মুখ্যমন্ত্রী বেনার্জীয়ে বিধানসভাত ‘কা’বিৰোধী প্রস্তাৱ উত্থাপন কৰি গৃহীত কৰাৰ লক্ষ্য লৈছে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিৰোধীক প্রত্যাহ্বান জনাই কেন্দ্রীয় চৰকাৰে ‘কা’ কোনো কাৰণতেই প্রত্যাহাৰ নকৰে বুলি দৃঢ়তাৰে ঘোষণা কৰাৰ পিছতেই পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে বিধানসভাত ‘কা’বিৰোধী প্রস্তাৱ আনিব বুলি ঘোষণা কৰিছে ৷
মন কৰিবলগীয়া যে মুখ্যমন্ত্রী বেনার্জীয়ে ‘কা’, এন আৰ চি আৰু এন পি আৰৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰি আছে ৷ মুখ্যমন্ত্রী বেনার্জীয়ে অভিযোগ কৰা মতে ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী (এন পি আৰ)ৰ সৈতে ‘কা’ৰ সম্পর্ক আছে ৷ গুৰুত্বপূর্ণ যে মুখ্যমন্ত্রী বেনার্জীয়ে ত্রিপুৰা, অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিৰোধী দলসমূহক এন পি আৰৰ সিদ্ধান্তৰ বিৰুদ্ধে একত্রিত হ’বলৈ আহ্বান জনোৱাৰ লগতে ‘কা’ৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনায় ৷ ইপিনে, কাইলৈ ‘কা’ আৰু এন আৰ চিৰ বিৰুদ্ধে দার্জিলিঙত বিশাল প্রতিবাদী সমদল উলিওৱা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে ৷