নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দেশত পুনৰ অচল হৈ পৰিব বেংক সেৱা । বিশেষকৈ বেংকৰ বিষয়া-কৰ্মচাৰীয়ে পাবলগীয়া সংশোধিত দৰমহা দিয়াৰ ক্ষেত্ৰত ইণ্ডিয়ান বেংকছ এছ’চিয়েচনে কৰা অহৈতুক বিলম্বৰ বাবে সৰৱ হৈ পৰিছে বেংক ইউনিয়ন ঐক্য মঞ্চ৷ আই বি এৰ ভূমিকাত ক্ষুণ্ণ হৈ ঐক্য মঞ্চই কালি এলানি আন্দোলনৰ কার্যসূচী ঘোষণা কৰে৷ কালি গুৱাহাটীত সংবাদ মেলত ঐক্য মঞ্চৰ আহ্বায়ক প্রদীপ কুমাৰ বৈশ্যই আন্দোলনৰ কার্যসূচী ঘোষণা কৰে৷
সংবাদ মেলত বৈশ্যই কয় যে আই বি এৰ আঁকোৰগোজ স্থিতিৰ বিৰুদ্ধে তথা সংশোধিত দৰমহা দিয়াৰ দাবীত দেশৰ বেংকসমূহৰ প্রায় ১০ লাখ বিষয়া–কর্মচাৰীয়ে অহা ৩১ জানুৱাৰী আৰু ১ ফেব্রুৱাৰীত দুদিনীয়াকৈ ধর্মঘট কৰি প্রতিবাদ সাব্যস্ত কৰিব৷ এই প্রতিবাদী কার্যসূচীৰ পাছতো ঐক্য মঞ্চৰ দাবী মানি নল’লে পুনৰ ১১, ১২ আৰু ১৩ মার্চত তিনিদিনীয়াকৈ ধর্মঘট কৰিব৷ ইয়াৰ পাছতো দাবী মানি নল’লে ঐক্য মঞ্চই পুনৰ ১ এপ্রিলৰ পৰা অনির্দিষ্টকালীন ধর্মঘট কৰি প্রতিবাদ সাব্যস্ত কৰিব৷
সংবাদ মেলত বৈশ্যই কয়– ‘সংশোধিত দৰমহা আৰু সেৱা চর্তৰ বাবে উত্থাপন কৰা বেংক ইউনিয়নৰ দাবীৰ ভিত্তিত আলোচনাৰ জৰিয়তে আই বি এই প্রতি পাঁচ বছৰৰ মূৰে মূৰে দৰমহা আৰু সেৱা চর্ত সংশোধন কৰি কার্যকৰী কৰাটো নিয়ম৷ এইমর্মে ২০১২ চনৰ নৱেম্বৰৰ পৰা ২০১৭ চনৰ অক্টোবৰলৈ এই সময়ছোৱাক সামৰি সংশোধিত দৰমহা আৰু সেৱা চর্তৰ চূড়ান্ত ৰূপ দিয়া হয়৷ অথচ ২০১৭ চনৰ নৱেম্বৰৰ পৰা আজিলৈকে উল্লিখিত সময়ছোৱাক সামৰি বিষয়া–কর্মচাৰীসক সংশোধিত দৰমহা দিয়া নাই৷’ আহ্বায়ক বৈশ্যই লগতে কয় যে সংশোধিত দৰমহা নিষ্পত্তি আৰু আদায় দিয়াত পলম কৰাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ বিত্ত মন্ত্রালয়ৰ বিত্ত সেৱা বিভাগে ২০১৬ চনৰ ১২ জানুৱাৰীত প্রেৰণ কৰা পত্রযোগে বেংক মেনেজমেণ্ট আৰু আই বি এফ ২০১৭ চনৰ নৱেম্বৰৰ পূর্বে একাদশ দ্বিপাক্ষিক দৰমহা নিষ্পত্তি ক্ষিপ্রতাৰে কার্যকৰী কৰিবলৈ পৰামর্শ দিয়ে৷ বেংক সংস্থাসমূহে প্রেৰণ কৰা দাবী চনদৰ ভিত্তিত ২০১৭ চনৰ মে’ মাহত আলোচনা হয় আৰু একে বছৰৰে নৱেম্বৰৰ আগতে সংশোধিত দৰমহা দিয়াৰ ক্ষেত্রত সন্মতি প্রকাশ কৰে৷ কিন্তু ২০১৮ চনৰ মে’লৈকে দৰমহা বৃদ্ধিৰ ক্ষেত্রত কোনোধৰণৰ পদক্ষেপ লোৱাৰ পৰা বিৰত থাকি মাত্র ২ শতাংশ দৰমহাৰ নিৰিখ বঢ়োৱাৰ বাবেহে প্রস্তাৱ দিয়ে৷ চৰকাৰে সংশোধিত দৰমহা ১৫ শতাংশ বঢ়োৱালৈ দিয়াৰ পাছতো বহু আলোচনাৰ মূৰকত আই বি এই ১২.২৫ শতাংশ দৰমহা বৃদ্ধিৰ প্রস্তাৱত আঁকোৰগোজ হৈ থাকে৷ এনে পৰিস্থিতিত ঐক্য মঞ্চই আন্দোলনৰ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হয়৷
উল্লেখ্য যে ঐক্য মঞ্চই ২০ শতাংশ বৃদ্ধিৰে সংশোধিত দৰমহা প্রদান কৰা, ৫ দিনীয়া বেংক কর্মদিনৰ প্রৱর্তন কৰা, নতুন পেন্সন আঁচনি কৰাকে ধৰি মুঠ ১২টা দাবীও উত্থাপন কৰিছে৷ সংবাদ মেলত বেংক ইউনিয়ন ঐক্য মঞ্চৰ অন্তর্ভুক্ত সংগঠনৰ বিষয়ববীয়া দিলীপ শর্মা, তাহেৰ আহমেদ, হিতেশ কাকতি আদিয়েও উপস্থিত থাকে৷