নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ ডিচেম্বৰৰ পূর্বে বাধ্যতামূলক পান–আধাৰ কার্ডৰ সংযোগ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ পান কার্ডৰ সৈতে আধাৰ কার্ডৰ সংযোগ ৩১ ডিচেম্বৰৰ পূর্বে বাধ্যতামূলক বুলি ঘোষণা কৰিছে আয়কৰ বিভাগে ৷ দেওবাৰে এক বার্তাত বিভাগটোৱে কয় যে আয়কৰ সেৱাৰ অবিৰত উপযোগিতা গ্রহণ কৰিবলৈ চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ পূর্বে পান কার্ড আৰু আধাৰ কার্ডৰ সংযোগীকৰণ সকলোৱে নিশ্চিত কৰা উচিত ৷ উল্লেখ্য যে চলিত বর্ষৰ  ছেপ্ঢেম্বৰত কেন্দ্রীয় প্রত্যক্ষ কৰ ব’ড (চিবিডিটি)–এ পান কার্ডৰ সৈতে আধাৰ কার্ডৰ সংযোগৰ অন্তিম দিন ৩১ ডিচেম্বৰলৈ সম্প্রসাৰিত কৰিছিল ৷ ইয়াৰ পূর্বে অন্তিম দিন আছিল ৩০ ছেপ্টেম্বৰ ৷

You might also like