৩ এপ্রিললৈ ইটালীত ‘তলা বন্ধ’ ঘোষণা চৰকাৰৰ
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ দ্রুত বিস্তাৰৰ পিছতে ইটালীত বন্ধ ঘোষণা কৰিছে চৰকাৰে৷ প্রধানমন্ত্রী গুইছেপে কণ্টেই কালি সমগ্র ইটালীত তলা বন্ধ ঘোষণা কৰিছে৷ অহা মাহলৈ এই নিষেধাজ্ঞা অব্যাহত থাকিব দেশখনত৷ এই নিষেধাজ্ঞা অনুসৰি ইটালীত বন্ধ থাকিব বাণিজ্যিক প্রতিষ্ঠানসমূহ৷ যিবোৰ বাণিজ্যিক প্রতিষ্ঠানে গ্রাহকক এক মিটাৰ দূৰত্ব পর্যন্ত নিৰাপত্তা প্রদান কৰিবলৈ সক্ষম হ’ব, সেই প্রতিষ্ঠানবোৰহে খোলা থাকিব৷ সেইদৰে সকলো ক্রীড়া প্রতিযোগিতা বাতিল কৰা হৈছে দেশখনত৷ স্মর্তব্য যে ৩ এপ্রিললৈ এই নিষেধাজ্ঞা বলৱৎ হৈ থাকিব দেশখনত৷ এতিয়ালৈকে ইটালীত ক’ৰোনাৰ সংক্রমণত প্রাণ হেৰুৱাইছে চাৰি শতাধিক লোকে৷ চীনৰ পিছতে ইটালীৰ পৰিস্থিতি অধিক ভয়াৱহ বুলি চিহ্ণিত হৈছে৷ স্মর্তব্য যে সমগ্র ইটালীৰ জনসংখ্যা হৈছে ৬০ নিযুত৷ দেশখনৰ উত্তৰ প্রান্তৰ ১৩খন প্রদেশৰ ১৬ নিযুত লোকক ঘৰৰ ভিতৰতে থাকিবলৈ নির্দেশ দিছে প্রশাসনে৷ ইটালীৰ পিছতে ইউৰোপীয় প্রতিখন দেশতে ক’ৰোনাৰ প্রতিৰোধৰ বাবে বিশেষ সতর্কতা গ্রহণ কৰা হৈছে৷ শেহতীয়াকৈ চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা উলংঘা কৰিলে তেনে লোকক জৰিমনা বিহাৰ উপৰি কাৰাদণ্ড দিয়া হ’ব বুলিও ঘোষণা কৰা হৈছে৷ একে সময়তে চলচ্চিত্র প্রেক্ষাগৃহ, সংগ্রহালয়, থিয়েটাৰ, বিদ্যালয় তথা অন্যান্য ৰাজহুৱা প্রতিষ্ঠানবোৰ ৩ এপ্রিললৈ বন্ধ থাকিব৷ বাৰ আৰু ৰেষ্টুৰেণ্টবোৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে খোলা থাকিব৷ একে সময়তে ধর্মীয় কোনো কার্যসূচী তথা উৎসৱ উদ্যাপনৰ ক্ষেত্রতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা৷ এই নিষেধাজ্ঞাৰ পিছতে কাৰাগাৰবোৰত বন্দীসকলে আৰম্ভ কৰিছে প্রতিবাদ৷ ক’ৰোনাৰ সংক্রমণে এতিয়া সমগ্র ইটালীৰ অর্থনীতিলৈ কঢ়িয়াই আনিছে দুর্যোগ৷