নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত মোক্ষম আঘাত । ৪ বাৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ হৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা হৰচৰণ সিং বল্লীয়ে শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত যোগদান কৰে আম আদমী পাৰ্টীত(আপ) । ১৯৯৩ চনৰ পৰা ২০১৩ চনলৈ বিধায়ক ৰূপে থকা হৰচৰণ সিং বল্লী মদন লাল খুৰানা চৰকাৰৰ মন্ত্ৰী ৰূপেও আছিল । হৰি নগৰ বিধানসভা সমষ্টিৰ এইগৰাকী প্ৰাক্তন বিধায়কৰ সমষ্টিত এইবাৰ বিজেপিয়ে প্ৰক্ষেপ কৰিছে তেজেন্দৰ পাল বগ্গাক ।
हरिनगर विधानसभा से चार बार भाजपा विधायक रहे हरशरण सिंह बल्ली आम आदमी पार्टी के राष्ट्रीय संयोजक @ArvindKejriwal की मौजूदगी में AAP में शामिल हुए।#DelhiElections2020 pic.twitter.com/J0ASK4Woxv
— AAP (@AamAadmiParty) January 25, 2020
আপত যোগদান কৰাৰ পাচতেই বল্লীয়ে কয় যে, মই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাম যে এই নিৰ্বাচনত সফলতা লাভ কৰে অৰবিন্দ কেজৰিৱালে । অৰবিন্দ কেজৰিৱালৰ বিকাশ, সততা আৰু কৰ্মক আধাৰ হিচাপে লৈ ভোটক্ষিক্ষাৰ বাবে আগবাঢ়ি যাম বুলিও কয় বল্লীয়ে । শনিবাৰৰ এই যোগদান কাৰ্যসূচীতে বল্লীয়ে উল্লেখ কৰে যে, হৰি নগৰ সমষ্টিৰ পৰা আৰু বহু সংখ্যক লোকে যোগদান কৰিব আম আদমী পাৰ্টীত ।