৫ মহলাৰ পৰা জঁপিয়ালে ক’ৰোনা ৰোগীয়ে
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ উত্তৰ প্রদেশৰ নয়দা ই এছ আই হাস্পতালৰ ৫ মহলাৰ পৰা সন্দেহজনক ক’ৰোনা আক্রান্ত ২২ বছৰীয়া মহিলা এগৰাকীয়ে জঁপিয়াই আত্মহননৰ পথ বাছি লয়৷ উল্লেখ্য যে নয়দা ই এছ আই হাস্পতালত ২২ বছৰীয়া মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি সন্দেহ প্রকাশ কৰাৰ পিছতেই মহিলাগৰাকীক আন হাস্পতাললৈ স্থানান্তৰ কৰাৰ যো–জা চলাই থাকোঁতেই আজি পুৱা এই অঘটন ঘটে৷ মন কৰিবলগীয়া যে যোৱা দেওবাৰে নয়দাৰ এই হাস্পতালখেনতে সন্দেহজনক ক’ভিড–১৯ত আক্রান্ত ২৮ বছৰীয়া এজন লোকৰ মৃত্যু হৈছিল