নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য প্রার্থনা

দুধনৈত বায়খোৰ চৰণত ৰাভা সংগঠনৰ ১২১ গছি চাকিঃ দৰঙত যজ্ঞ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ বিশ্বত্রাস ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্রাণ পাবলৈ আৰু অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনাৰে কালি সন্ধিয়া দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ কার্যালয়ৰ চৌহদত ৰাভা জাতীয় সংগঠনসমূহে বন্তি প্রজ্বলন কৰে৷ ৰাভা জনগোষ্ঠীৰ আৰাধ্যা বায়খো দেৱীৰ চৰণত প্রণিপাত জনাই ১২১ গছি বন্তি প্রজ্বলন কৰে৷ বন্তি প্রজ্বলন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই৷ বন্তি প্রজ্বলন কৰি ৰাভা হাছং পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয়– সাম্প্রতিক সময়ত সমগ্র বিশ্ব তথা ভাৰতত ক’ৰোনা ভাইৰাছক লৈ মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ সমান্তৰালভাৱে অসমতো এই ভাইৰাছ সংক্রমিত হৈছে৷ ক’ৰোনা ভাইৰাছক প্রতিৰোধ কৰাৰ লগতে মানুহৰ জীৱন বচোৱাৰ চেষ্টা কৰি থকাৰ সময়তে অসমৰ স্বাস্থ্যমন্ত্রী ড০ শর্মা কিছু অসুস্থ হৈ পৰে৷ সেয়ে তেওঁৰ আশু আৰোগ্য কামনাৰে ৰাভা হাছং পৰিষদ আৰু নিখিল ৰাভা ছাত্র সন্থাৰ উদ্যোগত ১২১ গছি বন্তি প্রজ্বলন কৰা হয়৷ বায়খো দেৱীয়ে তেওঁক শক্তি দিয়ক, সাহস দিয়ক৷ অসমৰ মানুহক বচোৱাৰ বাবে তেওঁ ক’ৰোনা প্রতিৰোধী যুদ্ধত জয়ী হওক বুলি টংকেশ্বৰ ৰাভাই আশা প্রকাশ কৰে৷ ইপিনে নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভাই কয় যে অসমৰ এগৰাকী বিচক্ষণ নেতা, ৰাজনীতিবিদ ড০ শর্মাই শীঘ্রেই সুস্থ হৈ উঠক, তাৰ বাবে আমি বায়খো দেৱীৰ ওচৰত প্রার্থনা জনাইছোঁ৷ এই কার্যসূচীত গোৱালপাৰা জিলা আৰছু, ষষ্ঠ অনুসূচী দাবী সমিতি, দুধনৈ আঞ্চলিক আৰছু, বিষয়ববীয়াসকল উপস্থিত থাকে৷ ইফালে, ৰাজ্যত ক্রমাগতভাৱে ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে দৰঙত গাঁৱে গাঁৱে বন্তি প্রজ্বলন আৰু মহামাৰী যজ্ঞ অনুষ্ঠিত হৈছে৷ মঙলদৈৰ আৰেঙত যোৱানিশা গাঁৱৰ ৰাইজে পদূলিত বন্তি প্রজ্বলন কৰি ক’ৰোনা মহামাৰীৰ নাশ কামনা কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্রীগৰাকীৰ্ আশু আৰোগ্য কামনা কৰে৷ মঙলদৈৰ যুৱ বিধায়ক গুৰুজ্যোতি দাসে নিজ গাঁৱৰ ৰাইজৰ লগতে বন্তি প্রজ্বলন কৰি ড০ শর্মাৰ আশু আৰোগ্য কামনা কৰে৷ ড০ শর্মাই অসমৰ ৰাইজৰ হৈ ক’ৰোনা যুঁজত নেতৃত্ব দিয়াৰ সময়ত তেওঁৰ স্বাস্থ্য সুৰক্ষিত থকাটো কামনা কৰে ৰাইজে৷ মন কৰিবলগীয়া যে আজি দিনৰ ভাগত মঙলদৈৰ বিধায়কে বৰথেকেৰাবাৰী গাঁৱত বিজেপিৰ জনসম্পর্ক যাত্রালৈ যায় যদিও এই যাত্রা এক অর্থত ক’ৰোনা সজাগতা অভিযানলৈ পর্যবসিত হয়৷ বিধায়কগৰাকীয়ে প্রতিঘৰ পৰিয়ালত মাস্ক বিতৰণ কৰে আৰু ক’ৰোনা ৰোগৰ পৰা ৰক্ষা পৰাৰ উপায় ব্যাখ্যা কৰে৷ গুৰুত্বপূর্ণ এয়ে যে বিধায়কগৰাকীক সাধাৰণ ৰাইজে স্বাস্থ্যমন্ত্রীগৰাকীৰ্ স্বাস্থ্যক লৈ ওলোটাই জানিব বিচাৰে৷ নিশালৈ ড০ শর্মাৰ বাবে এগছিকৈ বন্তি প্রজ্বলন কৰাৰ সিদ্ধান্তও প্রকাশ কৰে৷ ইপিনে, মঙলদৈ সনাতন ধর্মসভা প্রাংগণৰ শিৱ মন্দিৰ চৌহদত ৫জনকৈ পুৰোহিতে সম্পন্ন কৰে মহাভৈৰৱ যজ্ঞ৷ বিজেপি নেতা পিংকুমণি দাস, বসন্ত গোস্বামী, পংকজ কলিতা, ৰূপম কাশ্যপ, জিতুমণি ডেকা আদি কেইবাজনো বিজেপি নেতা–কর্মীয়ে এই যজ্ঞত ভাগ লয়৷ স্বাভাৱিকতে নিজ গৃহত এখন হাতত চেলাইন আৰু আনখন হাতত কার্যালয়ৰ ফাইল চাই থকা ফটো ভাইৰেল হোৱাৰ সময়তে দৰঙত বিজেপি বিধায়ক, নেতা, কর্মীৰ উপৰি গঞাৰ এনে তৎপৰতা আৰু আৰোগ্য প্রার্থনাৰ খবৰে সকলোতে চর্চা লাভ কৰিছে৷ ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা আৰু সেনাপতিৰ স্বাস্থ্যৰ প্রতি সুহূদয় মনোভাৱে পুনৰ প্রমাণ দিছে দৰঙত ড০ হিমন্ত বিশ্ব শর্মাৰ অভূতপূর্ব জনপ্রিয়তা৷ আনহাতে, কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ খেহেনীপাৰা অনন্ত সত্রত ৰাইজে আজি সন্ধিয়া ড০ হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনা কৰি চাকি জ্বলাই শৰাই আগবঢ়াই আশু আৰোগ্য কামনা কৰে৷ ইয়াত গাঁওখনৰ বয়োজ্যেষ্ঠ বৃদ্ধ সকল উপস্থিত থকাৰ লগতে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক ৰমণী মোহন ডেকা, মণ্ডল সভাপতি দিলীপ ডেকা, বেজেৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী জ্যোতি কুমাৰ উপস্থিত থাকে৷

You might also like