নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৪ গর্ভৱতী, ৩ সদ্যোজাতসহ ইউএইৰ পৰা উভতিল ৩৫৬ ভাৰতীয়

নিয়মীয়া বাৰ্তা, ১০ মে’ : ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে ইউ এ ইত আবদ্ধ থকা ৩৫৬ ভাৰতীয় নাগৰিকক শুকুৰবাৰে নিশা ভাৰতলৈ ঘূৰাই অনা হয়৷ বিদেশমন্ত্রী এছ জয়শংকৰে টুইটাৰযোগ এই কথা জানিবলৈ দিছে৷ এয়াৰ ইণ্ডিয়াৰ দুখনকৈ বিশেষ বিমানযোগে ভাৰতলৈ অহা এই লোকসকলৰ ভিতৰত আছে ৮৪গৰাকী গর্ভৱতী মহিলা আৰু ৩টা সদ্যোজাত৷ প্রথমখন বিমানযোগে ৰিয়াধৰ পৰা ১৫৩গৰাকী ভাৰতীয় অনা হয়৷ দ্বিতীয়খন বিমানত বাহৰিনৰ পৰা ঘূৰাই অনা ১৭৭জন যাত্রী৷ বিমানত উঠাৰ প্রাকমুহূর্তত এই ভাৰতীয় লোকসকলক পৰীক্ষা কৰাৰ পিছত ক’ভিড–১৯ৰ কোনো উপসর্গ ধৰা পৰা নাছিল৷ অৱশ্যে ৰিয়াধৰ পৰা অহা ৫জন লোক শাৰীৰিক অসুস্থতাত ভোগা বুলি বিমানবন্দৰ কর্তৃপক্ষই জানিবলৈ দিছে৷ এইসকলক কুঝিকুৰে মেডিকেলত ৰখা হৈছে৷ শুকুৰবাৰে মুঠ ৩খন বিমান ভাৰতলৈ আহিছিল৷ ইয়াৰে দুখন বিমান কেৰালাত আৰু আনখনে দিল্লীত অৱতৰণ কৰে৷ দিল্লীত অৱতৰণ কৰা বিমানখনত ছিংগাপুৰৰ অহা ২৩৪ যাত্রী আছিল৷ উল্লেখ্য যে এইসকল লোকক চৰকাৰে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে ৷

You might also like