নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ দেশৰ ৯৩.৫ শতাংশ জনতাই বিশ্বাস কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সঠিকভাৱেই ক’ৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰিব পাৰিছে ৷ আইএএনএছ–চি–ভোটাৰ ক’ভিড–১৯ ট্রেকাৰে চলোৱা এক সমীক্ষাত এই তথ্য প্রকাশ পাইছে ৷ সমীক্ষাটোৰ মতে ২৫ মার্চৰ পৰা ১৪ এপ্রিললৈ দেশজুৰি বলৱৎ হোৱা লকডাউনৰ সময়ত দেশৰ ৭৬.৮ শতাংশ লোকে মোদী চৰকাৰৰ ওপৰত আস্থা প্রকাশ কৰিছিল ৷ ৩ মে’লৈকে সম্প্রসাৰণ হোৱা দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ত মোদী চৰকাৰৰ প্রতি দেশৰ আস্থাভাজন লোকৰ সংখ্যা ৯৩.৫ শতাংশলৈ বৃদ্ধি পালে ৷ উল্লেখ্য যে ভাৰতে যিদৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে, সেই সম্পর্কত সমগ্র বিশ্বই এতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসা কৰিবলৈ বাধ্য হৈছে ৷