নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘত পাকক কঠোৰ সমালোচনা ইউৰোপীয় সাংসদৰ

সাত দশক ধৰি কাশ্মীৰত সন্ত্রাসবাদক ইন্ধন

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ জম্মু–কাশ্মীৰত সন্ত্রাসবাদক ইন্ধন যোগাই অহা বাবেই পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ইউৰোপৰ একাংশ সাংসদে ৷ ৰাষ্ট্রসংঘৰ জেনেভাস্থিত কার্যালয়ত ইউৰোপীয় সাংসদৰ দল এটাই কালি পাকিস্তানক সমালোচনা কৰি কয় যে কাশ্মীৰ আৰু কাশ্মীৰিসকলক লৈ সদায় ভুল ধাৰণা দিবলৈ যত্ন কৰি আহিছে পাক চৰকাৰে ৷ বিগত ৭০ বছৰ ধৰি কাশ্মীৰ আৰু কাশ্মিৰীসকলক ভুল ব্যাখ্যা দি আহিছে পাকিস্তানে ৷ ইউৰোপীয় সংসদৰ সদস্য গিয়ানা গানিচা আৰু ফুলভি’ মার্টুস্কিল’ৱে ৰাষ্ট্রসংঘৰ মজিয়াত ইছলামাবাদ প্রশাসনক সমালোচনা কৰি কয় যে ভাৰতৰ পৰা পাকিস্তানে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা সমগ্র কাশ্মীৰ উপত্যকাত উন্নয়নমূলক কাম–কাজত বাধা প্রদান কৰি অহা হৈছে৷ কাশ্মীৰত পাকিস্তানে উন্নয়নমূলক প্রকল্পবোৰৰ কাম আগবঢ়াই নিয়াৰ পৰিৱর্তে সন্ত্রাসবাদক ইন্ধন যোগাই আহিছে বুলিও দুয়োগৰাকী সাংসদে উল্লেখ কৰে৷ লক্ষণীয়ভাৱে ইউৰোপীয় সংসদৰ এই সাংসদ দুগৰাকীৰ বক্তব্যক কেইবাগৰাকীও কূটনীতিকে প্রশংসা কৰিছে৷ ইফালে, গিলগিট–বাল্টিস্তানৰ একাংশ কর্মী তথা সংগঠনে সঘনে কাশ্মীৰত পাকিস্তান চৰকাৰৰ ষড়যন্ত্রৰ বিষয়টো উদঙাই অহা বুলিও সাংসদসকলে ঘোষণা কৰিছে৷ পাকিস্তানে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদক উচটনি দিয়া কার্য বন্ধ নকৰিলে সমগ্র দক্ষিণ এছিয়াত অশান্তি অব্যাহত থাকিব বুলিও বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মজিয়াত ইউৰোপীয় সাংসদসকলে ক্ষোভ উজাৰিছে৷ লক্ষণীয়ভাৱে সঘনে কাশ্মীৰত ভাৰতে মানৱ অধিকাৰ উলংঘা কৰা বুলি পাকিস্তানে কৰা অভিযোগ অগ্রাহ্য কৰিছে কেইবাগৰাকীও সাংসদে ৷

You might also like