নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ মিথ্যাচাৰঃ ক্ষমা খোজাৰ দাবীত দেশজুৰি বিজেপিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাফেল যুদ্ধবিমান চুক্তিৰ তদন্ত বিচাৰি পুনৰীক্ষণ আবেদন খাৰিজ কৰি বৃহস্পবতিবাৰে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ক্লীনশ্বীট দিয়াৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি । ৰাফেল যুদ্ধবিমানক লৈ কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ মিথ্যাচাৰ আৰু দেশক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলি শনিবাৰে দেশজুৰি কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক ৰাফেল বিমান ক্ৰয়ক কেন্দ্ৰ কৰি ‘চকীদাৰ চোৰ হ্যেয়’ বুলি মন্তব্য কৰিছিল ।

মুম্বাইত বিজেপিৰ প্ৰতিবাদ
You might also like