নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ পশ্চিমবংগৰ জলাপাইগুৰিত এগৰাকী ২১ বছৰীয়া ছাত্ৰীয়ে বান্ধবীৰ সৈতে নিজৰ ম’বাইলেৰে চেলফি উঠি থকাৰ সময়তে তীব্ৰবেগী এখন ৰে’লে মহটিয়াই থৈ যায় । যাৰ ফলত ছাত্ৰীগৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় ।
ইপিনে ৰে’ল আৰক্ষীয়ে জনোৱা মতে ছাত্ৰীগৰাকীৰ সৈতে থকা আনগৰাকী ছাত্ৰী এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয । তেওঁ লগতে জনায় যে জিলাখনৰ মেইনগুৰীত থকা এটা ক’চিং চেণ্টাৰৰ শিক্ষাৰ্থীসকলে ঘিচ নৈৰ কাষত বনভোজৰ বাবে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ।
উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰীয়ে চেলফি লোৱাৰ বাবে বনভোজস্থলীৰ সমীপৰ ৰে’ল দলঙখনলৈ যায, আৰু তাত ফটো লৈ ব্যস্ত থকাৰ সময়তে আলিপুৰদোৱাৰ-চিলিগুৰি অভিমুখী পেচেঞ্জাৰ ৰে’লখনে তেওঁলোক দুয়োকে মহটিয়ায় । ফলত দুয়োগৰাকী ছাত্ৰী দলঙখনৰ পৰা পানীত পৰে ।
বৰ্তমান আহত ছাত্ৰীগৰাকী উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে ।