নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৱাটাৰস্পাউট’ সামুদ্রিক ঘূর্ণি–ধুমুহাৰ কাৰণ ব্যাখ্যা নাছাৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: সমুদ্রৰ গর্ভত সৃষ্টি হোৱা পানীৰ ঘূর্ণি–ধুমুহাক লৈ বিভিন্ন সময়ত বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷ এই ঘূর্ণি–ধুমুহাৰ বাবে সমুদ্রৰ জলপৃষ্ঠত সৃষ্টি হয় অস্থিৰতা৷ ঘূর্ণি–ধুমুহাত পানীৰ অভিমুখ তলৰ পৰা ওপৰৰ দিশলৈ নে ওপৰৰ পৰা তলৰ দিশলৈ যায় তাক বুজাৰ উপায় নাই৷ ২০১৩ চনত ফ্লৰিডাৰ টাম্পা বে’ত সামুদ্রিক ঘূর্ণি–ধুমুহাৰ এক ছবি তোলা হৈছিল৷ সেই বিৰল ছবি আকৌ প্রকাশ কৰি ঘূর্ণি–ধুমুহাৰ কাৰণ ব্যাখ্যা কৰিছে মহাকাশ গৱেষণা সংস্থা নাছাই৷ আটলাণ্টিক মহাসাগৰৰ উপকূলত থকা ফ্ল’ৰিডা সংলগ্ণ সামুদ্রিক অঞ্চলত বছৰি এনে ঘূর্ণি–ধুমুহাৰ দৃশ্য নজৰলৈ আহে৷ সমুদ্রৰ উষ্ণ পানীৰ ওপৰত আর্দ্র বতাহৰ ঘূর্ণায়মান স্তম্ভবোৰক জলস্রোত বা ‘ৱাটাৰস্পাউট’ বুলি কোৱা হয়৷ এই ৱাটাৰস্পাউটবোৰ কোনো ঘূর্ণি–ধুমুহাৰ দৰেই বিপজ্জনক হ’ব পাৰে৷ এই সামুদ্রিক ঘূর্ণি–ধুমুহাৰ বতাহৰ গতিবেগ ঘণ্টাত ২০০ কিলোমিটাৰৰো বেছি৷ বজ্রপাত অবিহনে শান্ত বাতাৱৰণতো সৃষ্টি হ’ব পাৰে এই ঘূর্ণি–ধুমুহাৰ৷ প্রাথমিকভাৱে এই জলস্রোতবোৰক দুটা ভাগত শ্রেণীবদ্ধ কৰা হৈছে, ‘টর্নেডিক ৱাটাৰস্পাউট’ আৰু ‘ফেয়াৰ ৱেডাৰ ৱাটাৰস্পাউট’৷ টর্নেডিক ৱাটাৰস্পাউটবোৰ পানীৰ ওপৰভাগত সৃষ্টি হয় লাহে লাহে সমুদ্রৰ দিশলৈ অগ্রসৰ হয়৷ সমতলত সৃষ্টি হোৱা ঘূর্ণি–ধুমুহাৰ সৈতে এই টর্নেডিকৰ চৰিত্রগত পার্থক্য নাই৷ ফেয়াৰ ৱেডাৰ ৱাটাৰস্পাউটবোৰ সাধাৰণতে সমুদ্রপৃষ্ঠত সৃষ্টি হয়৷ এইবোৰৰ কেন্দ্রত বজ্র বিদ্যুৎসহ ধুমুহাও দেখা যায়৷

You might also like