নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ অংকিতা দত্তক শাস্তি

নিখিল ভাৰত যুৱ কংগ্রেছৰ সভাপতি শ্রীনিবাস বিভিৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নির্যাতনৰ অভিযোগ উত্থাপন কৰি দলৰ পৰা বহিষৃকত হ’ল অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতি ড০ অংকিতা দত্ত৷ প্রদেশ যুৱ কংগ্রেছৰ সভাপতিগৰাকীয়ে একাংশ কংগ্রেছ নেতাৰ বিৰুদ্ধে নির্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ ভিতৰত শেহতীয়াকৈ নিখিল ভাৰত যুৱ কংগ্রেছৰ সভাপতিজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল অতি গুৰুতৰ৷ ৰায়পুৰৰ এখন অভিজাত হোটেলত যুৱ কংগ্রেছৰ শীর্ষনেতাজনে অসমৰ কংগ্রেছ নেত্রীগৰাকীক দেহ স্পর্শ কৰাৰ লগতে অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই বিষয়ে দলীয় মঞ্চত বিষয়টো উত্থাপন কৰাৰ পাছতো দলীয় নেতৃত্বই গ্রহণ কৰা নির্বিকাৰ ভূমিকাৰ বাবে অংকিতা দত্তই সুবিচাৰ বিচাৰি আৰক্ষী আৰু আদালতৰ দ্বাৰস্থ হৈছে৷ কংগ্রেছ নেত্রীগৰাকীয়ে দিছপুৰ থানাত এটা গোচৰ তৰিছে আৰু এই গোচৰ সন্দর্ভত চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে চিআৰপিচিৰ ১৬৪ ধাৰাৰ অধীনত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২১ এপ্রিলত সাক্ষ্য দাঙি ধৰিছে কংগ্রেছ নেত্রীগৰাকীয়ে৷ এই সন্দর্ভত ৰাষ্ট্রীয় মহিলা আয়োগেও এটি গোচৰ পঞ্জীভুক্ত কৰিছে৷ অংকিতা দত্তৰ এনে গুৰুতৰ অভিযোগৰ ভিত্তিত যুৱ কংগ্রেছৰ সর্বভাৰতীয় নেতা শ্রীনিবাসৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷ কর্ণাটকৰ বাংগালুৰুত থকা বাসভৱনত কংগ্রেছ নেতাজনৰ সন্ধান নাপাই গুৱাহাটীৰ চি আই ডি কার্যালয়ত উপস্থিত হ’বলৈ জাননী জাৰি কৰিছে৷ প্রদেশ যুৱ কংগ্রেছৰ সভাপতি অংকিতা দত্তৰ গুৰুতৰ অভিযোগক কেন্দ্র কৰি দেশজুৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে৷ সন্মুখত থকা কর্ণাটক বিধানসভাৰ নির্বাচনৰ পূর্বে যুৱ কংগ্রেছৰ সর্বভাৰতীয় সভাপতিজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্রেছ দল৷ ধাৰাবাহিক নির্বাচনী বিপর্যয়ত একপ্রকাৰ দিশহাৰা হৈ পৰা শতিকা পুৰণি কংগ্রেছৰ সাংগঠনিক ভেটি থৰক–বৰক হৈছে৷ কংগ্রেছৰ অধিকাংশ নেতা–কর্মীয়ে দলটোৰ ভৱিষ্যতক লৈ শংকিত হৈছে৷ এনে পৰিস্থিতিত কংগ্রেছৰ সর্বভাৰতীয় নেতা এজনৰ বিৰুদ্ধে মহিলা নেত্রী এগৰাকীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দর্ভত দলীয় নেতৃত্বই গ্রহণ কৰা নির্বিকাৰ ভূমিকাক দলটোৰ নিষ্ঠাৱান নেতা–কর্মীসকলেই নহয়, কোনো বিবেকৱান লোকে সহ্য কৰিব নোৱাৰে৷ এনে জঘন্য কাণ্ডত জড়িত নেতাজনক কঠোৰ শাস্তি প্রদান কৰাটো সকলোৱেই বিচাৰে৷ যিহেতু দলীয় নেতৃত্বই যথোচিত তদন্ত আৰু বিচাৰ নকৰিলে, এতিয়া আইনৰ সহায় লোৱাৰ বাহিৰে অংকিতা দত্তৰ বিকল্প পথ নাই৷ কিন্তু এনে পথ গ্রহণ কৰি কংগ্রেছ দলৰ পৰা অংকিতা দত্ত বহিষৃকত হোৱা ঘটনা দুর্ভাগ্যজনক৷ যদিহে মহিলা নেত্রী এগৰাকীয়ে দলীয় নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে দলৰ পৰা বহিষ্কাৰ হয়, তেন্তে সেই দলত মহিলা কিমান সুৰক্ষিত বা নিৰাপদ সেয়া সহজেই অনুমেয়৷
ড০ অংকিতা দত্ত এগৰাকী উচ্চশিক্ষিত নেত্রী৷ ৰাজনীতিত ধনবল আৰু বাহুবলৰ প্রাদুর্ভাৱ বৃদ্ধি পোৱাৰ সময়তে ড০ অংকিতা দত্তই কংগ্রেছ দলত থাকি সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা চলাইছিল৷ সাংগঠনিকভাৱে ভাগি পৰা কংগ্রেছৰ ৰাজহাড় শক্তিশালী কৰিবলৈ চেষ্টা চলাইছিল অংকিতা দত্তই৷ প্রাক্তন মন্ত্রী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা ড০ অংকিতা দত্ত কংগ্রেছৰ এগৰাকী স্পষ্টবাদী নেত্রী ৰূপে পৰিচিত৷ ড০ অংকিতাৰ দৰে পিতৃ অঞ্জন দত্তও আছিল কংগ্রেছৰ শক্তিশালী নেতা৷ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ পৰা তিনিটা কার্যকাল বিধানসভালৈ নির্বাচিত অঞ্জন দত্ত প্রদেশ যুৱ কংগ্রেছ আৰু প্রদেশ কংগ্রেছৰো সভাপতি আছিল৷ ২০০১ত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ চৰকাৰৰ মন্ত্রীসভাত পৰিবহণ মন্ত্রীৰ দায়িত্ব লৈ মৃত্যুমুখী অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰি দেশজুৰি চর্চিত হৈছিল অঞ্জন দত্ত৷ আনকি অন্ধ্রপ্রদেশ, কর্ণাটক, ৰাজস্থান, ওড়িশা, বিহাৰ আদি ৰাজ্যই অসম ৰাজ্যিক পৰিবহণ নিগম পুনৰুজ্জীৱিতকৰণ প্রকল্পক গ্রহণ কৰিছিল৷ ৬২ বছৰ বয়সতে জীৱন নাটৰ সামৰণি ঘটোৱা মুহূর্তলৈ অঞ্জন দত্ত প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বত আছিল৷ ২০১৪ত দেশজুৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপক্ষে সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাত তচনচ হৈছিল কংগ্রেছৰ ভেটি৷ এনে দুর্যোগপূর্ণ সময়তে প্রদেশ কংগ্রেছৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল অঞ্জন দত্ত৷ পিতৃৰ বিয়োগৰ পাছত ৰাজ্যৰ ৰাজনীতিত সক্রিয় ভূমিকা গ্রহণ কৰা অংকিতা দত্তক কংগ্রেছ নেতৃত্বই যিদৰে দলৰ পৰা বহিষ্কাৰ কৰিলে, সেয়া দলটোৰ বাবে মংগলদায়ক নহয়৷ দলীয় মঞ্চত অংকিতা দত্তৰ অভিযোগৰ সুবিচাৰ হোৱাহেঁতেন কংগ্রেছৰ বাবে শুভ হ’লহেঁতেন৷ কিন্তু গুৰুতৰ অপৰাধৰ বিচাৰ অবিহনে অংকিতা দত্তক বহিষ্কাৰৰ পৰিণাম কংগ্রেছ দলে যে আগন্তুক দিনবোৰত ভুঞ্জিব লাগিব সেয়া নিশ্চিত হৈছে৷

You might also like