নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত মৃত্যু ১.৪৯ লাখ–আত্মহত্যা ১.৫৩ লাখৰঃ ক’ৰোনাতকৈ আত্মহত্যা কৰা লোকৰ সংখ্যা ভাৰতত অধিক

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: দেশত ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’, চমুকৈ এন চি আৰ বিৰ ২০২০ৰ বার্ষিক প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ প্রতিবেদনৰ তথ্য মতে, ২০২০ চনত প্রতিদিনে গড়ে ৪১৮জনকৈ লোকে আত্মহত্যা কৰিছে৷

মুঠ আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৫৩,০৫২৷ ঘাতক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১.৪৯ লাখে৷ বিগত ১০ বছৰৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা সর্বাধিক৷ এই আত্মহত্যা কৰাৰ আঁৰত বিভিন্ন কাৰণ আছে, বিভিন্ন শ্রেণীৰ লোক আছে যদিও দৈনিক শ্রম কৰি খোৱা লোকৰ সংখ্যা অধিক৷

তথ্য মতে, ৩৭,৬৬৬জন দৈনিক শ্রমিকে বর্ষটোত আত্মহত্যা কৰিছে৷ ক’ভিড–১৯ লকডাউনৰ বাবেই দেশজুৰি সর্বাধিক দুর্বিষহ পৰিস্থিতিৰ সন্মুখীন হৈছিল দৈনিক হাজিৰা কৰা শ্রমিক৷ মহামাৰীৰ সময়ছোৱাত আত্মহননৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ দিন মজুৰি শ্রমিকৰ লগতে গৃহিণীসকলৰ আত্মহত্যাৰ হাৰো মহামাৰীৰ সময়ত বৃদ্ধি পাইছে৷ আন এটা কাৰণ ৰোগৰ বাবেও আত্মহত্যা কৰা লোকৰ সংখ্যা ১৭ শতাংশ৷ অর্থাৎ ২০২০ চনত এই কাৰণতেই ২৭,৬৩২জনে আত্মহননৰ পথ বাছি লৈছে৷ ১৬ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ জনা নাযায়৷

ঠিক তেনেদৰে ১৫ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ ৰহস্যজনক৷ লিংগভিত্তিক তথ্য জুকিয়াই চালে আত্মহত্যা কৰা লোকৰ ভিতৰত মহিলাতকৈ পুৰুষ অধিক৷ মুঠ আত্মহত্যা কৰা লোকৰ ভিতৰত প্রায় ৭১ শতাংশ পুৰুষ৷ এক লাখতকৈ অধিক পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে প্রায় ৪৫ হাজাৰ মহিলাই আত্মহত্যা কৰিছে৷ ২২জন তৃতীয় লিংগয়ো মহামাৰীৰ সময়ত আত্মহত্যা কৰিছে৷ ইপিনে মুঠ আত্মহত্যাৰ ৮ শতাংশৰ অধিক শিক্ষার্থী৷ ১২,৫২৬জন শিক্ষার্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷

আনপিনে কৃষিখণ্ডৰ লগত জড়িত ১০,৬৭৭জনে বর্ষটোত আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে৷ এন চি আৰ বিৰ তথ্য মতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত এক লাখ জনসংখ্যাৰ ভিতৰত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক৷ ২০২০ চনত হাৰ ১১.৩ শতাংশ৷ ২০১৯ চনত এই হাৰ আছিল ১০.৪ শতাংশ৷ মুঠ আত্মহত্যা কৰা লোকৰ ভিতৰত সর্বাধিক মহাৰাষ্ট্রত৷ ৰাজ্যখনত ১৯,৯০৯জনে আত্মহত্যা কৰিছে৷ ইয়াৰ পাছত ১৬,৮৮৩ৰে তামিলনাডু, ১৪,৫৭৮ৰে মধ্যপ্রদেশ, ১৩,১০৩ৰে পশ্চিমবংগ আৰু ১২,২৫৯ৰে কর্ণাটক শীর্ষ আছে৷ তথ্য মতে, বিবাহ সম্পর্কীয় কাৰণত মুঠ আত্মহত্যাৰ ৫ শতাংশ, পৰিয়ালকেন্দ্রিক কাৰণত ৩৩.৬ শতাংশ, বেমাৰত ১৮ শতাংশ আৰু অন্যান্য কাৰণত ৫৬.৭ শতাংশই আত্মহত্যা কৰিছে৷

You might also like