নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে বলৱৎ কৰা লকডাউনে সকলো খণ্ডতে ব্যাপক ক্ষতি কৰিছে৷ এইক্ষেত্রত দেশৰ চলচ্চিত্র উদ্যোগো ক্ষতিৰ সন্মুখীন হৈছে৷ যোৱা ২৫ মার্চৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহে প্রতিমাহে এক হাজাৰ কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈছে৷ মাল্টিপ্লেক্স এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সৈতে জড়িত চলচ্চিত্র উদ্যোগৰ আইনক্স, পি ভি আৰ পিকচাৰছ আৰু ছিনপ’লিছ ইণ্ডিয়াৰ দেশজুৰি থকা চিত্রগৃহসমূহ বন্ধ হৈ থকাত এক হাজাৰ কোটি টকা প্রতিমাহে লোকচানৰ সন্মুখীন হৈছে৷ এই ছবিগৃহৰ সৈতে জড়িত কর্মচাৰীসকলৰ জীৱনলৈ অশনি সংকেত নামি আহিছে৷ মাল্টিপ্লেক্স এছ’চিয়েচন অৱ ইণ্ডিয়াই কেন্দ্রীয় চৰকাৰক দাবী জনোৱা মতে আনলক–৩ত এছ অ’ পি নির্ধাৰণ কৰি ছবিগৃহসমূহ খুলিবলৈ অনুমতি দিব লাগে৷ নহ’লে এই ছবিগৃহসমূহ পৰৱর্তী সময়ত পুনৰ মুকলি কৰিবলৈ কঠোৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ পি ভি আৰ পিকচাৰছৰ দেশজুৰি ৭১খন চহৰত ১৭৬ ছবিগৃহত ৮৪১ স্ক্রীন আছে৷ তেনেদৰে আইনক্সৰ ৪৮খন চহৰত ১৪৭টা ছবিগৃহত ৬২৬খন স্ক্রীন আছে৷ ছিনপ’লিছৰ দেশজুৰি ৩১৯ স্ক্রীন আছে৷ এই ছবিগৃহসমূহ বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত প্রতিমাহে এক হাজাৰ কোটি টকা লোকচান হৈ আছে৷ কিয়নো তথ্য মতে প্রতি বছৰে এই ছবিগৃহসমূহে ১২০ বিলিয়ন তথা ১২ হাজাৰ কোটি টকা উপার্জন কৰি আছিল৷ ইতিমধ্যে চাৰি মাহত ছবিগৃহসমূহে ৪ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷