ICUত জুই, অগ্নিদগ্ধ হৈ মৃত্যু ১০টি নৱজাতক
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা অসামৰিক চিকিৎসালয়ত শোকাৱহ ঘটনা।চিকিৎসালয়খনৰ নৱজাতক বিভাগৰ ICUত লাগে অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। অগ্নিকাণ্ডত ১০টি নৱজাতকৰ কৰুণ মৃত্যু। আনহাতে জীৱন্তে উদ্ধাৰ কৰা হৈছে ৭টি নবজাতকক। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই কৰুণ ঘটনা।
আনহাতে এই ঘটনাক লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো শোক প্ৰকাশ।
Heart-wrenching tragedy in Bhandara, Maharashtra, where we have lost precious young lives. My thoughts are with all the bereaved families. I hope the injured recover as early as possible.
— Narendra Modi (@narendramodi) January 9, 2021
এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীৰ। মৃত নৱজাতকৰ পৰিয়াললৈ ৫ লাখ টকা সাহায্য় মহাৰাষ্ট্ৰ চৰকাৰৰ।
The fire accident in Bhandara district hospital, Maharashtra is very unfortunate. I am pained beyond words. My thoughts and condolences are with bereaved families. May God give them the strength to bear this irreparable loss.
— Amit Shah (@AmitShah) January 9, 2021
এই কৰুণ ঘটনাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো শোকপ্ৰকাশ।