নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতালৈ আহিলে ১০ লাখলৈ চাকৰি

বিহাৰত আৰজেডি নেতা তেজস্বীৰ প্রতিশ্রুতি

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   আগন্তুক ২৮ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ তিনিটা পর্যায়ত বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ কথা আয়োগে ঘোষণা কৰাৰ লগে লগে হিন্দী বলয়ৰ ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ প্রচাৰ ক্রমাৎ তুংগত উঠিবলৈ লৈছে৷ ইফালে, ৰাজনৈতিক দলসমূহে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিৰ বন্যাও আৰম্ভ হৈছে বিহাৰত৷ শেহতীয়াকৈ ৰাষ্ট্রীয় জনতা দল (আৰজেডি)ৰ নেতা তেজস্বী যাদৱে ঘোষণা কৰিছে যে দলটোৱে আগন্তুক নির্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে বিহাৰত ১০ লাখ নিবনুৱাক চাকৰি প্রদান কৰিব৷ চৰকাৰৰ প্রথম কেবিনেটতেই এই ১০ লাখ চাকৰিৰ বিষয়টোক অনুমোদন জনোৱা হ’ব বুলি ঘোষণা কৰিছে নেত্রীগৰাকীয়ে৷ এয়া অকল প্রতিশ্রুতি নহয় বুলি উল্লেখ কৰি আৰ জে ডিৰ এক সংকল্প বুলিও ঘোষণা কৰিছে তেজস্বীয়ে৷ আজি এক সংবাদ মেল সম্বোধন কৰি ১৫ বছৰ ধৰি মুখ্যমন্ত্রী নীতিশ কুমাৰৰ অধীনত বিহাৰত কেৱল নতুন নতুন সমস্যাৰ সৃষ্টি হোৱা বুলিও অভিযোগ কৰিছে নেতাগৰাকীয়ে৷ ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত এতিয়াও শোচনীয় অৱস্থা অব্যাহত থকা বুলি অভিযোগ কৰি তেজস্বীয়ে বিহাৰত ১.২৫ লাখ চিকিৎসকসহ ২.৫ লাখ স্বাস্থ্যকর্মীৰ প্রয়োজন আছে বুলি মন্তব্য কৰিছে৷

You might also like