নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিলৰ প্রতিবাদত কৃষকৰ হাল্লা বোল! দিল্লীৰ ৰাজপথত জ্বলিল ট্রেক্টৰ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  দিল্লীৰ পৰা হাৰিয়ানা। পাঞ্জাবৰ পৰা উত্তৰ প্রদেশ! দেশৰ সকলো অঞ্চলতে এতিয়া কৃষকে কৃষি আইনৰ (বিল) বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰিছে। সোমবাৰেও পুৱাই দিল্লীৰ পথত বিক্ষোভ প্রদর্শন কৰিলে কংগ্রেছে। বিক্ষোভৰ সময়ত কংগ্রেছৰ কর্মীসকলে ইণ্ডিয়া গেটৰ সন্মুখত এখন ট্রেক্টৰত অগ্নি সংযোগ কৰে।

কৃষি বিলৰ বিৰোধিতাৰ বাবে সোমবাৰে কংগ্রেছ কর্মীসকলৰ এটি দলে ট্রেক্টৰৰ সৈতে ইণ্ডিয়া গেটৰ সন্মুখলৈ আহে। তাৰ পাছত কিছুসময় বিক্ষোভ, শ্লোগান দি সেই ট্রেক্টৰত অগ্নি সংযোগ কৰে।

আনহাতে দিল্লী আৰক্ষীয়ে জনাইছে, পুৱা ৭ বাজি ১৫ মিনিটত প্ৰায় ১৫-২০ জন কংগ্রেছ কর্মী ইণ্ডিয়া গেটৰ সন্মুখত বিক্ষোভ প্রদর্শনৰ পাছত টেক্টৰত অগ্নি সংযোগ কৰিছিল। এই ঘটনাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজো আৰক্ষীয়ে পৰীক্ষা কৰিছে। ট্রেক্টৰত অগ্নি সংযোগ কৰা ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে দেশজুৰি কৃষকৰ প্রতিবাদ–বিক্ষোভৰ মাজতে তিনিওখন কৃষি সংস্কাৰ বিধেয়কত দেওবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে স্বাক্ষৰ কৰে৷ ইয়াৰ লগে লগে সংসদৰ পৰা ৰাজপথলৈ তীব্র বিতর্ক সৃষ্টি কৰা বিধেয়ককেইখন আইনত পৰিণত হ’ল৷

You might also like