নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাত ১০খন ব্যক্তিগত হাস্পতালৰ অনুজ্ঞাপত্র বাতিল

নিয়মীয়া বাৰ্তা, ৩১ মেঃ ক’ভিড চিকিৎসাৰ ক্ষেত্রত থকা প্রট’কল ভংগ কৰাৰ অভিযোগত ১০খন ব্যক্তিগত হাস্পতালৰ অনুজ্ঞাপত্র বাতিল কৰিছে তেলেংগানা চৰকাৰে৷ তেলেংগানাৰ জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকৰ কার্যালয়ে এই হাস্পতালসমূহত ক’ভিড ৰোগীৰ চিকিৎসা কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে৷

উল্লেখনীয় যে হাস্পতালত বহু ৰোগীৰ চিকিৎসা চলাৰ সময়ত ক’ভিড প্রট’কল ভংগ কৰা হৈছিল৷ কেইবাগৰাকীও ৰোগী তথা তেওঁলোকৰ নিকট আত্মীয়ৰ পৰা পোৱা অভিযোগৰ পিছতে স্বাস্থ্য বিভাগে হাস্পতালসমূহৰ বিৰুদ্ধে তদন্ত চলাইছিল৷ এই তদন্তত হাস্পতালসমূহে ক’ভিড প্রট’কল ভংগ কৰাৰ প্রামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হয় স্বাস্থ্য বিভাগে৷ গতিকে তাৎক্ষণিকভাৱে হাস্পতালসমূহৰ অনুজ্ঞাপত্র বাতিলৰ সিদ্ধান্ত লয় চৰকাৰে৷

ইফালে, এই হাস্পতালসমূহত ক’ভিড ৰোগীৰ চিকিৎসা কোনো কাৰণতেই সম্ভৱ নহয় বুলিও ঘোষণা কৰিছে চৰকাৰে৷

You might also like