নির্বাচনী ধামখুমীয়াৰ মাজতে উদ্বেগজনক খবৰঃ ৰাজহুৱা খণ্ডৰ ১০০ প্রতিষ্ঠান বিক্রী কৰিব কেন্দ্রই
চৰম বিত্তীয় সংকটৰ পৰা পৰিত্রাণৰ বাবেই ল’লে হঠকাৰী সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ লগতে চৰকাৰৰ অন্যান্য সম্পত্তি ব্যক্তিগতকৰণৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে কেন্দ্রই৷ এই বিশাল নির্বিয়োজনৰ জৰিয়তে অহা ৪ বছৰৰ ভিতৰত চৰকাৰে ৫ লাখ কোটি টকা আহৰণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ব্যক্তিগত প্রতিষ্ঠানৰ প্রতি অহেতুক প্রীতিৰ বাবেই কেন্দ্রই ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আৰু চৰকাৰী সম্পদ বিক্রীৰ বাবে এনে ধৰণৰ তৎপৰতা গ্রহণ কৰা বুলি অভিযোগ উঠিছে৷ আনহাতে, তীব্র বিত্তীয় সংকটৰ পৰা পৰিত্রাণ পোৱাই বৃহৎ ব্যক্তিগতকৰণ প্রক্রিয়াৰ মূল লক্ষ্য বুলিও চর্চা হৈছে৷ নির্বাচনী ধামখুমীয়াৰ মাজতে চৰকাৰী সম্পদ বিক্রী কৰি বহু পৰিয়াললৈ অন্ধকাৰ নমাই আনিব বিচৰা এনে হঠকাৰী সিদ্ধান্তক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ নিটি আয়োগে ১০০টা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আৰু আন চৰকাৰী সম্পদৰ তালিকা প্রস্তুত কৰিছে যদিও এতিয়াও ৰাজহুৱা কৰা হোৱা নাই৷ ইয়াৰ ভিতৰত অসমৰো চৰকাৰী সম্পদ থকাৰ পূৰামাত্রাই সম্ভাৱনা আছে৷ উদ্বেগৰ বিষয় যে ব্যক্তিগতকৰণেৰে পুঁজি সংগ্রহৰ বাবে চৰকাৰে লোৱা এনে হঠকাৰী পদক্ষেপে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত কর্মৰত কর্মচাৰীসকলৰ মাজতো অনিশ্চয়তা আৰু আশংকা সৃষ্টি কৰিছে৷ লোকচানত চলি থকা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক পুনৰুজ্জীৱিত কৰিবলৈ ধন বিনিয়োগ কৰাৰ সলনি চৰকাৰে ব্যক্তিগতকৰণেৰে পুঁজি সংগ্রহৰহে চেষ্টা কৰাটো দুর্ভাগ্যজনক বুলি বিবেচিত হৈছে৷ নির্বিয়োজনত মোদী চৰকাৰে এনেদৰে ব্যাপক তৎপৰতা চলোৱাৰ মূল কাৰণ হ’ল অর্থনৈতিক স্থবিৰতা৷
চলিত বিত্তীয় বর্ষত বিকাশৰ হাৰ ঋণাত্মক হোৱাটো ইতিমধ্যে নিশ্চিত হোৱাৰ সময়ত দেশৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰৰ হাতত যে বিকল্প পথ নোহোৱা হৈ পৰিছে, সেয়া ব্যক্তিগতকৰণৰ বাবে চৰকাৰৰ শেহতীয়া তৎপৰতাৰ পৰাই অনুমান কৰিব পাৰি৷ ইয়াৰ লগতে বৃহৎ উদ্যোগপতিক সন্তুষ্ট কৰাৰ বাবেও বহুকেইটা সম্পদ ব্যক্তিগত খণ্ডক চৰকাৰে গতাই দিব খুজিছে বুলি অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে নিটি আয়োগে বাছনি কৰা ১০০টা সংস্থাৰ তালিকা বিভিন্ন মন্ত্রালয়লৈ বিবেচনাৰ বাবে প্রেৰণ কৰা হৈছে৷ ইয়াৰ ভিতৰত কেৱল ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানেই নহয়, জাহাজ ঘাট, ক্রুজ টার্মিনেল, টেলিকম আন্তঃগাঁথনি, ৰে’ল ষ্টেচন, ষ্টেডিয়াম, পাহাৰীয়া ৰে’লৱে, মেট্র’ সেৱা, পণ্যাগাৰ আৰু বাণিজ্যিক কেন্দ্রও আছে৷ এই তালিকাত অন্তর্ভুক্ত কৰা হৈছে তেল আৰু গেছ পাইপলাইন আৰু ট্রেন্সমিছন টাৱাৰো৷ অনতিবিলম্বে যাতে এই পৰিকল্পনাক কার্যকৰী ৰূপ দিব পাৰি, তাৰ বাবে এই প্রতিষ্ঠানসমূহৰ ভূমি ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ক্ষেত্রত আগতীয়া কার্যব্যৱস্থা ল’বলৈও কেন্দ্রীয় মন্ত্রালয়সমূহৰ লগতে ৰাজ্য চৰকাৰসমূহক নিটি আয়োগে অনুৰোধ জনাইছে৷
এক চৰকাৰী সূত্রই প্রকাশ কৰা মতে, একাংশ সম্পত্তি পোনপটীয়াকৈ বিক্রী কৰাৰ বিপৰীতে আন একাংশ ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্রাষ্ট (আৰ ই আই টি) মডেলৰ জৰিয়তে বিক্রীৰ ব্যৱস্থা কৰা হ’ব৷ লক্ষণীয় যে যোৱা মঙলবাৰে নির্বিয়োজন সম্পর্কীয় এখন কর্মশালাত বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা (দিপম) বিভাগেও ভূমি হস্তান্তৰকৰণৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিবলৈ মন্ত্রালয় আৰু ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাইছিল৷ উক্ত কর্মশালাত অংশ লৈ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে স্পষ্ট কৰি দিছিল যে সম্পত্তি বিক্রীৰ জৰিয়তে আহৰণ কৰা ধন নতুন বিনিয়োগত ব্যৱহাৰ কৰা হ’ব বুলি ভবাটো শুদ্ধ নহয়৷ তেওঁৰ মতে নতুন বিনিয়োগৰ পুঁজি আহৰণো নির্বিয়োজনৰ একমাত্র উদ্দেশ্য নহয়৷ বৰঞ্চ এয়া হ’ল আন্তঃগাঁথনি বর্ধন আৰু ব্যৱস্থাপনাৰ ক্ষেত্রত এক নতুন নজিৰ স্থাপনৰ বাবে হাতত লোৱা এক সুপৰিকল্পিত পদক্ষেপ৷ আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অলপতে নির্বিয়োজনৰ ওপৰত গুৰুত্ব দি মন্তব্য কৰিছে যে ব্যক্তিগতকৰণৰ ফলত সংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ’ব৷ ব্যক্তিগতকৰণৰ জৰিয়তে সংগৃহীত ধন সাধাৰণ জনতাৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলিও মোদীয়ে মন্তব্য কৰে৷ ইফালে প্রথম পর্যায়ত ঘাটিত চলি থকা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ বিক্রীৰ লক্ষ্য লোৱা হৈছে৷ প্রধানমন্ত্রীৰ মতে এই প্রতিষ্ঠানসমূহে কৰদাতাৰ ওপৰত অনাকাংক্ষিত বোজা সৃষ্টি কৰিছে৷
শেহতীয়া এক তথ্য মতে, ঘাটিত চলি থকা এনে ৭০টা প্রতিষ্ঠানৰ ২০১৮–১৯ বর্ষত লোকচানৰ পৰিমাণ আছিল ৩১,৬৩৫ কোটি টকা৷ কিন্তু ইয়াৰ ভিতৰত এনে বহু প্রতিষ্ঠান আছে, যিবোৰ সামান্য পৰিমাণৰ পুনৰ বিনিয়োগৰ জৰিয়তে পুনৰুজ্জীৱিত কৰাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে৷ কিন্তু একমাত্র ব্যক্তিগত প্রতিষ্ঠানক লাভান্বিত কৰাৰ চক্রান্তৰে কেন্দ্রই ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানক চৰম বঞ্চনা কৰি লাখ লাখ কর্মচাৰীৰ জীৱন অন্ধকাৰাচ্ছন্ন কৰাৰ আশংকা তীব্রতৰ কৰি তুলিছে৷ উদাহৰণস্বৰূপে নগাঁও আৰু শিলচৰৰ কাগজ কলক পুনৰুজ্জীৱিত কৰিবলৈ বিশাল পৰিমাণৰ পুঁজিৰ প্রয়োজনীয়তা নাছিল৷ কিন্তু ইয়াৰ পাছতো এই সামান্য বিনিয়োগ কৰাৰ সলনি বাৰে বাৰে ব্যক্তিগত প্রতিষ্ঠানৰ প্রতি দৰদৰ বাবেই এনে ধৰণৰ প্রতিষ্ঠানক আভুৱা ভাঁৰি থকা বুলি অভিযোগ উঠিছে৷ লক্ষণীয় যে বিশাল নির্বিয়োজনৰ পৰিকল্পনা হাতত হ’লেও এইপর্যন্ত মোদী চৰকাৰে ঈপ্সিত সাফল্য লাভ কৰা নাই৷ উদাহৰণস্বৰূপে ব্যক্তিগতকৰণৰ নির্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ২০২০–২১ বিত্তীয় বর্ষতো চৰকাৰ ব্যর্থ হৈছে৷ চলিত বিত্তীয় বর্ষত ২.১ লাখ কোটিৰ নির্বিয়োজনৰ লক্ষ্য লোৱা হৈছিল যদিও এইপর্যন্ত ২১,৩০০ কোটিহে আহৰণ কৰিবলৈ সক্ষম হৈছে চৰকাৰ৷ তাকো অংশ বিক্রীৰ জৰিয়তেহে আহৰণ কৰা হৈছে এই ধন৷ ২০২১–২২ বর্ষত নির্বিয়োজনৰ পৰিমাণ ১.৭৫ লাখ টকা নির্ধাৰণ কৰিছে কেন্দ্রই৷ আনকি ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটত ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰা ৰাজ্যসমূহৰ বাবে বিশেষ পাৰিতোষিকো ঘোষণা কৰা হৈছে৷