আফগানিস্তানত পদপিষ্ট হৈ ১১গৰাকী মহিলাৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আফগানিস্তানৰ এখন খেলপথাৰত ভিছাৰ বাবে আবেদন জনোৱাৰ সময়ত সৃষ্টি হোৱা ঠেলা–হেঁচাত পদপিষ্ট হৈ কমপক্ষেও ১১গৰাকী মহিলাৰ মৃত্যু হৈছে৷ এই ঘটনাত আহত হৈছে অন্য কেইবাজনো লোক৷ জালালাবাদত সংঘটিত এই ঘটনাৰ পিছতে এগৰাকী মুখপাত্রই সংবাদ সংস্থা বি বি চিক জনাইছে যে পাকিস্তানলৈ যোৱাৰ অনুমতি বিচাৰি আবেদন জনাবলৈ খেলপথাৰখনত হাজিৰ হৈছিল কেইবাহাজাৰো লোক৷
তেতিয়াই এই শোকাৱহ ঘটনা সংঘটিত হৈছে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ বাবে পাকিস্তানলৈ যোৱাৰ ক্ষেত্রত ভিছা প্রদানৰ সমগ্র প্রক্রিয়া বন্ধ ৰাখিছিল আফগান চৰকাৰে৷ প্রায় সাত মাহ পিছত পুনৰ ভিছা প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে কেইবাহাজাৰো লোকে জালালাবাদৰ খেলপথাৰৰ অস্থায়ী কার্যালয়ত ভিছাৰ বাবে আবেদন জনাবলৈ হাজিৰ হৈছিল৷