নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ সোণৰ খনিৰ পৰা ১১ কর্মীক উদ্ধাৰ, ১০জন এতিয়াও সন্ধানহীন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ চীনৰ পূব প্রান্তৰ শ্বানদং প্রদেশৰ হুছান সোণৰ খনিত দুসপ্তাহ ধৰি আবদ্ধ হৈ থকা ১১গৰাকী কর্মীক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷ এক বিস্ফোৰণৰ পিছতে ভূগর্ভৰ কেইবাশ মিটাৰ অভ্যন্তৰৰ খনিটোত আবদ্ধ হৈ পৰিছিল এই কর্মীসকল৷

১০ জানুৱাৰীৰ এই বিস্ফোৰণৰ ঘটনাৰ পিছতে সমগ্র অঞ্চলটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি৷ স্মর্তব্য যে অন্য ১০গৰাকী খনিকর্মীৰ এতিয়াও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল৷ এই কর্মীসকল জীৱিত থকা বুলি আশা প্রকাশ কৰিছে প্রশাসনে৷

সন্ধানহীন হৈ থকা কর্মীসকলৰ অৱস্থান নিশ্চিত কৰিবলৈ উদ্ধাৰকাৰী দলে বিভিন্ন প্রযুক্তিৰ সহায় লৈছে যদিও এইক্ষেত্রত সফল হোৱা নাই৷

You might also like