নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ খান মার্কেটত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ কালি নিশা দেশৰ ৰাজধানী নতুন দিল্লীৰ খান মার্কেটৰ সমীপৰ মেট্র’ ষ্টেচন এটাত একাংশ লোকে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ দিল্লী আৰক্ষীয়ে একাংশ লোকে পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বুলি এক অভিযোগ লাভ কৰিছে৷

লক্ষণীয়ভাৱে এই ঘটনাত জড়িত থকা বুলি সন্দেহ কৰি তিনিগৰাকী মহিলাসহ পাঁচজন লোকক আটক কৰা হৈছে৷ ইয়াৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো আৰক্ষীয়ে জেৰা কৰা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

কালি নিশা প্রায় ১২ বজাত সংঘটিত হৈছে এই ঘটনা৷ টেলিফোনত অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়৷ অৱশ্যে এই ঘটনা সন্দর্ভত আৰক্ষীয়ে আটক কৰা লোককেইগৰাকীক জেৰা অব্যাহত ৰাখিছে যদিও সবিশেষ তথ্য সদৰী কৰা নাই৷

ইয়াৰ পূর্বেও দেশৰ ৰাজধানী দিল্লীত একাংশ দুষ্কৃতিকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এনে ঘটনাত জড়িত কেইবাজনো লোকক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছিল৷ গণৰাজ্য দিৱসৰ পূর্বে শেহতীয়াকৈ পুনৰ পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বিষয়টোক লৈ ৰাজধানী চহৰখনৰ বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে৷

You might also like