নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্য লুকুৱাই গ্রাহকৰ একাউণ্টৰ পৰা ১২ কোটি টকা আত্মসাৎ

🔹 বেংক বিষয়াসহ ৪গৰাকী কর্মীক গ্রেপ্তাৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : দেশব্যাপী চাইবাৰ জালিয়াতিৰ মাজতে এইবাৰ বেংকৰ অভ্যন্তৰতে ওলাল প্রতাৰক চক্র৷ তথ্য মচি পেলাই এটা সংস্থাৰ ১২ কোটি টকা সৰকাই নিয়াৰ অভিযোগ উঠিছে বেংকৰ কর্মীৰ বিৰুদ্ধে৷ প্রতাৰণাৰ এনে অভিনৱ পন্থা দেখি হতবাক হৈ পৰিছে তদন্তকাৰীসকল৷ বেচৰকাৰী বেংকৰ এই প্রতাৰণাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে তদন্তত নামে চাইবাৰ অপৰাধ বিভাগ৷ ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে বেংকৰ এগৰাকী বিষয়াসহ চাৰিগৰাকী কর্মী৷ এই বেচৰকাৰী বেংকত একাউণ্ট আছিল বেংগালুৰুৰ সংস্থা ড্রীমপ্লার্গ পেটেক ছলিউচন প্রাইভেট লিমিটেডৰ৷ যোৱা ১২ নৱেম্বৰত সংস্থাটোৰ একাউণ্টত সন্দেহজনক কিছু লেনদেন নজৰলৈ আহে বিষয়াসকলৰ৷ ইয়াৰ পিছতে আৰক্ষীৰ দ্বাৰস্থ হয় সংস্থাটো৷ প্রাথমিক তদন্তত জানিব পৰা যায় যে সংস্থাৰ দুটা একাউণ্টৰ পৰা ১২.২ কোটি টকা উঠাই নিয়া হৈছে৷ ইয়াৰ পিছতে তদন্তত নামি আৰক্ষীয়ে জানিব পাৰে যে বেংক কর্মী হোৱাৰ সুযোগ লৈ এই সংস্থাৰ একাউণ্টত কিছু সালসলনি ঘটাই ইয়াৰ পৰা ধন আত্মসাৎ কৰে কর্মীসকলে৷ এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ৷

You might also like