🔹 ১,৫০০ লোকৰ উপস্থিতিত আৱেগিক বিদায়
নিউজ ডেস্ক, ১০ নৱেম্বৰ : গুজৰাটৰ এটা পৰিয়ালে তেওঁলোকৰ ১২ বছৰীয়া পুৰণি বাহন এখন ১,৫০০ লোকৰ উপস্থিতিত সমাধিস্থ কৰা ভিডিঅ’ই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ আৰমেল জিলাত গুজৰাটী পৰিয়ালটোৱে পৰম্পৰাগত ধর্মীয় ৰীতি–নীতিৰে বাহনখনক সমাধিস্থ কৰা কার্যসূচী ৰূপায়িত কৰে৷ পৰিয়ালটোৱে এই অভিনৱ কার্যটোৰ বাবে লক্ষাধিক টকা ব্যয় কৰে৷ ভিডিঅ’টোত প্রত্যক্ষ কৰা মতে, পৰিয়ালটোৱে কৃষিভূমিত ১৫ ফুট দ গাঁত এটা খান্দি সেই গাঁতৰ ভিতৰত বাহনখন সুমুৱাই দিয়ে৷ ধর্মীয় ৰীতি–নীতি অনুসৰি পুষ্পাঞ্জলি প্রদান কৰাৰ লগতে সকলো ৰীতি সামৰি বাহনখনক মাটিৰে পুতি পেলায়৷ ১,৫০০ লোকৰ উপস্থিতিত এই সমাধিস্থ অনুষ্ঠানটো আৱেগময় হৈ উঠে৷ সঞ্জয় পল্লৰা নামৰ বাহনখনৰ গৰাকীয়ে প্রকাশ কৰা মতে, চুৰাটত তেওঁ নির্মাণ কোম্পানী এটাৰ ব্যৱসায় আৰম্ভ কৰাৰে পৰা বাহনখনে পৰিয়ালটোৰ সফলতাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ ১২ বছৰ পূর্বে ক্রয় কৰা এই বাহনখন সেয়েহে সম্পূর্ণ মর্যাদাৰে সমাধিস্থ কৰা হয়৷ গুজৰাটৰ পৰিয়ালটোৰ এই কার্য সম্প্রতি ছ’চিয়েল মিডিয়াত ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷