বিয়াৰ অনুষ্ঠানৰ মাজতে কুঁৱাত পৰি মৃত্যু ১৩ জনৰ
বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বিয়াৰ অনুষ্ঠান চলি থকাৰ মাজতে কুঁৱাত পৰি মৃত্যু হ’ল ১৩ গৰাকী মহিলা আৰু শিশুৰ। এই মর্মান্তিক ঘটনা ঘটিছে উত্তৰ প্রদেশৰ কুশিনগৰত। মৃতকৰ পৰিয়াললৈ আর্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে উত্তৰ প্রদেশ চৰকাৰে। কুশিনগৰৰ নেবুয়া নৌৰংগিয়া গাঁৱৰ এঘৰত চলি আছিল বিয়াৰ হালধি সনা অনুষ্ঠান। ঘৰৰ কাষতে পুৰণি কুঁৱা এটা কংক্রিটৰ স্লেবৰে ঢকা আছিল। তাতে বহি আৰু কোনোৱে ঠিয় হৈ উপভোগ কৰি আছিল হালধিৰ অনুষ্ঠান। তেনে সময়তে ভাঙি পৰে কংক্রিটৰ স্লেবখন। ফলত ২৫ ৰ পৰা ৩০ গৰাকী মহিলা তথা শিশু পৰি যায় কুঁৱাৰ ভিতৰত। লগে লগে হুৱা-দুৱা লাগি যায়। জানিব পৰা মতে, ১৫ জনক গাঁৱবাসীয়ে উদ্ধাৰ কৰিব পাৰিছে যদিও ১৩ গৰাকীৰ পানীত ডুবি মৃত্যু হৈছে। এই ঘটনাত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে।