বিশেষ বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪জন লোকে প্ৰাণ হেৰুৱায়। ঘটনাত প্ৰায় ২০জন লোক আহত হয়। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা ডিন্দোৰি অঞ্চলৰ বাজগড় ঘাটৰ সমীপত যাত্ৰী কঢ়িয়াই অনা এখন পিকআপ বাহন বাগৰি যায়। ফলত কমেও ১৪জন লোকে প্ৰাণ হেৰুৱায়। তদুপৰি প্ৰায় ২০জন লোক আহত হয় । ডিন্দোৰিৰ কাউন্সিলৰ বিকাশ মিশ্ৰই কয় যে আহতসকলক শ্বাহপুৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হৈছে। জানিব পৰা মতে, পিকআপ বাহনখনৰ তীব্ৰ বেগৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত বাগৰি যায়। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হয়। ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ উপৰি তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে।