নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ ‘দিল্লী চলো’ : পঞ্জাব-হাৰিয়ানা সীমান্তত ‘অস্থায়ী টেংক’ লৈ ১৪ হাজাৰ কৃষক

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰী : বুধবাৰে কৃষকৰ প্ৰতিবাদত পুনৰ উত্তপ্ত হৈ পৰিছে পঞ্জাব-হাৰিয়ানা সীমান্ত। কৃষক সংগঠনসমূহে কেন্দ্রীয় চৰকাৰক তেওঁলোকৰ দাবীসমূহ প্রকাশ কৰিবলৈ দিল্লীলৈ আগবাঢ়ি যাবলৈ বাট মোকলাই দিবলৈ আহ্বান জনাইছে ৷ সূত্ৰ অনুসৰি প্ৰায় ১৪ হাজাৰ কৃষকে শম্ভূ সীমান্ত পাৰ হৈ যোৱাৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয়। অৰ্ধসামৰিক বাহিনীক নমায়ো কৃষকক ৰোধ কৰিব পৰা নাই। আনহাতে, কৃষকসকলে ট্ৰেক্টৰক ‘অস্থায়ী টেংক’লৈ ৰূপান্তৰিত কৰি সীমান্তৰ দিশে আগবাঢ়ি যায়। প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে অহৰহ কন্দুৱা গেছ নিক্ষেপ কৰি আছে। তদুপৰি আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ চিমেণ্টৰ বেৰিকেডৰ উপৰি কাঁইটীয়া তাঁৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মাজতে চৰকাৰে পঞ্চম লানি বৈঠকৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডাই এক বৈঠক আহ্বান কৰি প্ৰতিবাদী কৃষকসকলক আলোচনালৈ আমন্ত্ৰণ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ‘চতুৰ্থ লানি বৈঠকৰ পিছত এম এছ পিকে ধৰি সকলো বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু। সকলো কৃষক নেতাক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছোঁ।’ লগতে কৃষকসকলক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায়।

You might also like