নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক ১৫ হাজাৰ ভক্তক বৈষ্ণো দেৱী দর্শনৰ অনুমতি প্রশাসনৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে আৰোপ কৰা লকডাউন শিথিল হোৱাৰ লগে লগে কাশ্মীৰৰ গুহা মন্দিৰ বৈষ্ণো দেৱী দর্শনৰ ক্ষেত্রত থকা নিষেধাজ্ঞাও শিথিল কৰা হৈছে৷ জম্মু–কাশ্মীৰ প্রশাসনে আজিৰে পৰা মাতা বৈষ্ণো দেৱীলৈ যাত্রা কৰা ভক্তৰ সংখ্যা বৃদ্ধি কৰিছে৷ অর্থাৎ অধিকসংখ্যক দর্শনার্থীক মন্দিৰটোলৈ যোৱাৰ অনুমতি প্রদান কৰিছে প্রশাসনে৷ পূর্বে সাত হাজাৰ ভক্তক দৈনিক বৈষ্ণো দেৱী দর্শনৰ অনুমতি প্রদান কৰিছিল প্রশাসনে৷ কিন্তু আজিৰে পৰা এই সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি কৰা হৈছে৷ স্মর্তব্য যে ৰীছি জিলাৰ ত্রিকূটা পাহাৰত থকা বৈষ্ণো দেৱী মন্দিৰ ৫ মাহ বিৰতিৰ পিছত যোৱা আগষ্ট মাহত পুনৰ মুকলি কৰা হৈছিল৷ ক’ভিড–১৯ মহামাৰীৰ লকডাউনৰ বাবে বন্ধ ৰখা হৈছিল এই মন্দিৰটোৰ দুৱাৰ৷ ১৬ আগষ্টত বৈষ্ণো দেৱীৰ দুৱাৰ মুকলি কৰাৰ পিছতে প্রতিদিনে দুহাজাৰকৈ ভক্তক দর্শনৰ অনুমতি দিয়া হৈছিল৷

You might also like