নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ বছৰীয়া বৃদ্ধাক দুই দুর্বৃত্তৰ বলাৎকাৰ

জঘন্য ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ মানৱতা ভূ–লুণ্ঠিত হোৱা নাৰকীয় ঘটনা সংঘটিত হৈছে ত্রিপুৰাত৷ এগৰাকী ৯০ বছৰীয়া বৃদ্ধাক দুই দুর্বৃত্তই বলাৎকাৰ কৰা ঘটনাক লৈ উত্তপ্ত হৈছে উত্তৰ–পূবৰ ৰাজ্যখন৷ ইতিমধ্যে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত দুর্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ কাকো গ্রেপ্তাৰ কৰা হোৱা নাই৷ উত্তৰ ত্রিপুৰাৰ কাঞ্চনপুৰ নামৰ গাঁওখনত ২৪ অক্টোবৰত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ ২৯ অক্টোবৰত আৰক্ষীয়ে দুই দুর্বৃত্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই জঘন্য ঘটনাৰ মূল অভিযুক্ত হৈছে ৩২ বছৰীয়া জনৈক মঞ্জন নামাহ৷ ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৪৫৭ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ আৰক্ষী অধীক্ষক ভানুপদ চক্রৱর্তীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ২৪ অক্টোবৰৰ নিশা বৃদ্ধাগৰাকীৰ ঘৰলৈ আহি অভিযুক্ত মঞ্জনে অন্য এজন সহযোগীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল৷ মহিলাগৰাকীয়ে অৱশ্যে পাঁচ দিন পিছতহে আৰক্ষীক এই ঘটনা সন্দর্ভত অভিযোগ দিছে৷ স্মর্তব্য যে এই ধর্ষণৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্র ত্রিপুৰাত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি দুয়োজন অভিযুক্ত বর্তমান পলাতক অৱস্থাত আছে৷

You might also like