নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ

🔹 মুকলিৰ পিছত ২৫ লাখ ভক্তই দর্শন কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ

🔹 ১১ দিনত ১১ কোটিতকৈ অধিক টকা বৰঙণি আগবঢ়ালে ৰামভক্তই

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ভক্তৰ ভিৰ৷ যোৱা ২২ জানুৱাৰীত ইতিহাস সৃষ্টিৰে অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা উৎসৱৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পিছতেই প্রতিদিনেই বৃদ্ধি পাই আছে ভক্ত৷ তথ্য মতে, ১১ দিনত ২৫ লাখ ভক্তই ইতিমধ্যে ৰাম মন্দিৰ দর্শন কৰিছে৷ ভক্তৰ ভিৰৰ সমান্তৰালকৈ ৰাম মন্দিৰত দানৰ পৰিমাণো বৃদ্ধি হৈ আছে৷ ৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসে প্রকাশ কৰা মতে, ১১ দিনত মন্দিৰত ১১ কোটিতকৈ অধিক টকা বৰঙণি হিচাপে জমা হৈছে৷ মন্দিৰটোত ৰাখি থোৱা চাৰিটা দানপাত্রত আঠ কোটি টকা জমা হোৱাৰ বিপৰীতে অনলাইনযোগে ৩.৫০ কোটি টকা দান হিচাপে লাভ কৰিছে৷ মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, চাৰিটা দানপাত্রত সংগ্রহ হোৱা দানৰ টকা গণনা কৰিবলৈ ১১জন বেংক কর্মচাৰীসহ ১৪জন লোক আছে৷ ১১ দিনত চাৰিটা দানপাত্রত জমা হোৱা ধন ১৪জন লোকে গণনা কৰি উলিয়াইছে৷ আনহাতে, অনলাইনযোগে মন্দিৰ কর্তৃপক্ষই ৩.৫ কোটি টকা লাভ কৰিছে৷ পুৱা মন্দিৰ খোলাৰ পিছত দানপাত্রত জমা হোৱা ধন গধূলি বেংকৰ কর্মচাৰী আৰু মন্দিৰ কর্তৃপক্ষই গণনা কৰে৷ এই গণনা চি চি টিভিৰ নিৰীক্ষণত কৰা হয়৷ বালক ৰামক দর্শন কৰা বাবেই প্রতিদিনে দুই লাখতকৈ অধিক লোকে মন্দিৰত প্রৱেশ কৰি আছে বুলি কর্তৃপক্ষই প্রকাশ কৰিছে৷

You might also like